27/05/2022
শিক্ষক আৰু তেওঁৰ নিজস্ব সমন্বয় (The teacher and his own adjustment)
বিদ্যালয়ত এজন শিক্ষকৰ স্থান খুবেই গুৰুত্বপূর্ণ। আকাঙ্খিত শিক্ষাৰ বাবে ছাত্র-ছাত্রীক সদায় ভাল আৰু দক্ষ শিক্ষকৰ দৰকাৰ। শিক্ষক এজন কেৱলমাত্ৰ উচ্চ মানসিক ক্ষমতা থকা ব্যক্তি হলেই যথেষ্ট নহয় ;তেওঁ এজন ভাল মনোবৈজ্ঞানিকো হব লাগিব ৷ তেওঁ নিশ্চয় শিশু মনোবিজ্ঞান ভালকৈ বুজি পোৱা হব লাগিব আৰু শিক্ষকৰ বাবে ই বিশেষ জৰুৰী। ছাত্র ছাত্রীৰ দৃষ্টি আকর্ষণ কৰিব পৰা অনুকৰণীয় আচৰণৰ গৰাকী হব লাগিব। শিক্ষক এজন তেতিয়াহে নিজক তেনেকুৱাকৈ গঢ় দিব পাৰিব যেতিয়া তেওঁৰ এটা কাৰ্যকৰী আৰু সু-সামঞ্জস্যপূর্ণ ব্যক্তিত্ব থাকিব।
অধ্যয়ণ আৰু অভিজ্ঞতাৰ সমল অনুসৰি ই নিশ্চিতভাৱে কব পাৰি যে পৃথিবীৰ বিভিন্ন দেশৰ লগতে আমাৰ দেশ তথা ৰাজ্য আৰু নিজ জিলা খনতো মানসিক বিসংগতিত ভূগি থকা শিক্ষকৰ সংখ্যা কম নহয়। শতকৰা প্ৰায় ১৫ ৰ পৰা ২০ জন তেনে শিক্ষক মোৰ নিচিনা সাধাৰণ অজ্ঞানীৰ দৃষ্টিত জলজল পটপট । নকলেও হব যে এক পঞ্চমাংশতকৈও অধিক শিক্ষকক মনোবৈজ্ঞানিক সহায়ৰ দৰকাৰ আৰু এখেতসকলৰ শতকৰা প্ৰায় ৫ জন শিক্ষকক মানসিক চিকিৎসাৰ প্ৰয়োজন।
(উল্লেখিত তথ্য সমূহৰ কোনো প্ৰমাণ এই সময়ত মোৰ হাতত নাই আৰু ই সম্পূৰ্ণৰূপে মোৰ নিজস্ব অভিজ্ঞতাৰ পৰা ধাৰণা কৰা হৈছে)
মানসিক অসামঞ্জস্যতা থকা শিক্ষক চিনাক্ত কৰণ ঃ-
যিসকল শিক্ষকে/শিক্ষয়িত্ৰীয়ে ছাত্র ছাত্রী, অভিভাৱক, সতীৰ্থ কিংবা অন্য ব্যক্তিৰ সৈতে বিসংগতিপূৰ্ণ আচৰণ কৰে যেনে- শিশুক চুলিত ধৰি টনা, লাথি বা গোৰ মৰা, শিশুৰ কথাক নকল কৰা, তুতলামি কৰা, তিৰস্কাৰ কৰা, যধে মধে মাৰধৰ কৰা, হেয় প্ৰতিপন্ন কৰা, সামান্য দোষৰ বাবে অধিক শাস্তি দিয়া, শিশুৰ স্বাভাৱিক আগ্ৰাসন বা সৰু সুৰা দুষ্টালি নাইবা হুলস্থুল সহ্য কৰিব নোৱাৰা, পলায়ণ বাদী মনোভাৱ পুহি ৰখা, নিজক বাৰুদৰ দৰে ফুটোৱা (Burst), সদায় অসন্তুষ্টিত ভূগি থকা, দুশ্চিন্তাত ডুবি থকা, আনৰ সৈতে সঘনাই কাজিয়া কৰা, সৰু সৰু কথাবোৰক নাইবা একেটা বিষয়ক খামুচি ধৰি পৰিবেশ বিনষ্ট কৰা, স্নায়বিক সমস্যা, পাহৰণিৰ সমস্যা, টোপনি নোযোৱা, পৰাজয় স্বীকাৰ নকৰা, নিজক সৰ্বজান্তা জ্ঞান কৰা, আনক হীন জ্ঞান কৰা আদি ইত্যাদি নেতিবাচক আচৰণ কৰা শিক্ষক সকলেই মানসিক অসামঞ্জস্যতাৰ চিকাৰ হোৱা বুলি চিনাক্ত কৰিব পাৰি। উপদেশতকৈ আৰ্হি ভাল। নিজৰ আচৰণ শুদ্ধ অৰ্থাৎ স্বাস্থ্যকৰ নকৰাকৈ আমি আনৰ আচৰণ কেনেকৈ পৰিবৰ্তন কৰাম?
শিক্ষকৰ মানসিক স্বাস্থ্য সমস্যাৰ কাৰণসমূহ ঃ-
শিক্ষকৰ মানসিক স্বাস্থ্যক কিছুমান কাৰকে গভীৰভাৱে প্ৰভাৱান্বিত কৰে৷ যেনে- বংশগতিৰ প্ৰৱণতা, শৰীৰৰ গঠন প্ৰকৃতি, পৰিয়ালৰ দ্বাৰা জাপি দিয়া অভিজ্ঞতা, সামাজিক পৰিবেশ আৰু বিদ্যালয়ৰ পৰা উপলব্ধ শৈশৱ কালৰ শিক্ষা, পৰিয়ালৰ সংস্কাৰ, ঘৰুৱা পৰিবেশ, অসম্পূৰ্ণ শিক্ষা, শিশুৰ আচৰণক বুজি উঠিব নোৱাৰা, বহুদিন ধৰি বেমাৰত আক্ৰান্ত হৈ থকা, সামাজিক উৎপীড়ন, সাম্প্রদায়িক ঘৃণা, অস্পৃশ্যতা, বিভাগীয় উচ্চ পদস্থ বিষয়া বা কৰ্মচাৰীৰ দ্বাৰা হাৰাশাস্তি, কম দৰমহা, শিক্ষকতাৰ চাকৰিৰ প্ৰতি অনিহা, অসন্তুষ্টি, চাকৰিৰ অনিৰাপত্তা, সঘনাই বদলি হোৱা, অপৰিপক্ক ব্যৱস্থাপণা, পৰিচালনা সমিতিৰ উৎপীড়ন, বিভাগীয় মৈমতালি, কামৰ অত্যধিক চাপ, প্ৰশিক্ষণৰ অভাৱ, সংকীর্ণ দৃষ্টিভঙ্গি, গুণগত মান সম্পন্ন শিক্ষাৰ অভাৱ, অবৈজ্ঞানিক দৃষ্টিভংগী, ঘৰুৱা সমস্যা, সামাজিক-ৰাজনৈতিক অস্বাস্থ্যকৰ পৰিবেশ আৰু বহুতো।
মানসিক স্বাস্থ্য ভাল কৰিবলৈ শিক্ষক সকললৈ পৰামৰ্শ :-
ভাল মানসিক স্বাস্থ্যৰ বাবে শিক্ষক সকলৰ প্ৰয়োজন আৰু চাহিদাক উপলব্ধি কৰি সেইবোৰক ফলন(বাস্তবায়ন ) কৰাব লাগিব। শিক্ষকৰ দুবিধ প্ৰয়োজন বিশেষভাৱে উল্লেখনীয়.. ১) ছাত্র ছাত্রীয়ে শিক্ষাগুৰুক সন্মান দি চলিব লাগে আৰু ভাল পাব লাগে। ২) শিক্ষক সকলে নিজৰ পেছাগত কৃতিত্ব অনুভৱ কৰিব লাগে। ১ম প্ৰয়োজনবিধ পূৰ কৰিবলৈ হলে শিক্ষকৰ পৰা ছাত্র ছাত্রীয়ে কি আশা কৰে আৰু তেওঁলোকে কেনে ধৰনৰ শিক্ষকক ভাল পায় সেয়া হৃদয়ঙ্গম কৰিব পাৰিব লাগিব। এনেধৰণৰ জ্ঞান থকা ব্যক্তিয়ে সন্মান লাভ কৰে৷ ২য় প্ৰয়োজন বিধ বিদ্যালয়ৰ সৈতে জৰিত সংশ্লিষ্ট কতৃপক্ষ, পৰিচালনা সমিতি, অভিভাৱক সতীৰ্থ কিংবা সম্প্ৰদায় যিসকলে শিক্ষকৰ ভাল কামৰ প্ৰশংসা কৰে বা স্বীকৃতি দিয়ে, সন্তোষজনক দৰমহা সময়মতে আদায় দিয়ে আৰু অসম্ভৱ কিছু আশা নকৰে তেওঁলোকৰ দ্বাৰা পূৰ কৰাব পাৰি৷
উল্লেখনীয় যে সঠিক আলোচনা আৰু পৰামৰ্শ গ্ৰহনেৰে শিক্ষকৰ মানসিক অসামঞ্জস্যতা (maladjustment) নুই কৰিব পাৰি। আমাৰ দেশখনত শিক্ষকে কৰা অভৱ্য আচৰণৰ কিছুমান উদাহৰণ দূৰদৰ্শনৰ পৰ্দাত প্ৰতিনিয়ত উপভোগ (?) কৰা হয়। এইবোৰ উদাহৰণ জীয়াই থকাৰ মূল কাৰণ হৈছে শিক্ষকৰ নিজস্ব ব্যক্তিত্বৰ একমুখী উন্নয়ন । সেয়েহে যিসকল শিক্ষক পেছাগত জীৱনত নিজক খাপ খুৱাই ৰাখিব পৰা নাই তেনে শিক্ষকক সদায় মনোবৈজ্ঞানিক সহায়ৰ হাত আগবঢ়াব লাগে যাতে তেখেতসকলে ছাত্র ছাত্রীৰ ওপৰত বেয়া প্ৰভাৱ পেলাব নোৱাৰে।
ছাত্র ছাত্রীৰ ব্যক্তিত্বৰ ওপৰত শিক্ষকৰ প্ৰভাৱ ঃ-
ছাত্র ছাত্রীৰ ব্যক্তিত্ব গঠনত শিক্ষকৰ ব্যক্তিত্বৰ প্ৰভাৱ অবৰ্ণনীয়। শিশুয়ে ডাঙৰক অনুকৰণ কৰি শিকে। গতিকে আমাৰ পঢ়াশালিবোৰত শিক্ষকসকল সদায় মানসিকভাবে স্বাস্থ্যবান হৈ থাকক তাৰ বাবে আমি মণ্ডল সমল কেন্দ্র সমন্বয়ক (CRCC) সকলেও গুৰু দায়িত্ব পালন কৰিব লাগিব। কাৰণ শিক্ষা হৈছে এক মানৱীয় প্ৰক্ৰিয়া য'ত সবাতোকৈ গুৰুত্বপূর্ণ প্ৰভাৱ এজন শিক্ষকৰহে থাকে।
শিক্ষাগুৰুৰ পোচাক-আচাক, মাৰ্জিত ভাষা, কণ্ঠ, শাৰিৰীক সৌন্দর্য, সৌখিনতা বোধ, খোজৰ ধৰন, সহনশীলতা, বহল হৃদয়, দূৰদৃষ্টি, দৃষ্টিভংগী, সহমৰ্মিতা, বন্ধু সুলভ আচৰণ, পৰিশ্ৰমী, সত্যবাদিতা, ন্যায় পৰায়ণতা, দায়বদ্ধতা, কৰ্তব্যপৰায়ণতা, সৃষ্টিশীলতা, সহায় প্ৰৱণ, ধৈর্য্যশীলতা, শীতল ব্যক্তিত্ব আদিয়ে সদায় ছাত্র ছাত্রীৰ মনৰ পৃথিৱীত মডেল হিচাপে প্ৰভাৱান্বিত কৰে৷ ছাত্র ছাত্রীৰ প্ৰতি শিক্ষকৰ দৃষ্টিভংগী কিমান সাৰুৱা আৰু শিক্ষকে তেওঁলোকক কি ধৰণে প্ৰতিক্ৰিয়া কৰে সেয়া তেওঁ লোকেও বুজি পায়। গতিকে যিজন শিক্ষা গুৰুয়ে ছাত্র ছাত্রীৰ মনৰ অনুভৱবোৰ বুজি পায়, তেওঁলোকৰ আগ্ৰহবোৰক উৎসাহিত কৰে আৰু সৰ্বোচ্চ সফলতা অর্জন কৰোৱাত সহায়ক হয় তেওঁ চিৰস্মৰণীয় হৈ ৰয়। শিক্ষকে ছাত্র ছাত্রীৰ দেহ-মনো বিচিত্রতাৰে সৈতে প্ৰতিজনৰ মনত উপস্থিত হব পাৰিব লাগিব অন্যথা তেনে ব্যক্তি শিক্ষকতাক পেছা হিচাপে গ্ৰহন নকৰাই ভাল। সংক্ষেপে কোৱা ভাল যে দক্ষ আৰু আবেগিকভাবে পৰিপক্ক শিক্ষকে বিদ্যালয়ৰ বাতাবৰণ আৰু ছাত্র ছাত্রীৰ শিকণ অভিজ্ঞতা পূৰ্ণ আনন্দকৰ কৰি তোলে। আনহাতে, অদক্ষ আৰু অসামঞ্জস্য মানসিক স্থিতিৰ শিক্ষকে বিদ্যালয়ৰ বাতাবৰণ বিনষ্ট কৰে।
কেইটামান গুৰুত্বপূর্ণ পৰামৰ্শ ঃ-
১। শিক্ষকসকলে বিদ্যালয়ৰ সৈতে পৰিয়ালৰ দৰে সু-সম্পৰ্ক স্থাপন কৰিব লাগে।
২। ছাত্র ছাত্রীক উৎসাহ উদ্দীপনাৰ জৰিয়তে অধিকতম সফলতা অর্জন কৰাব পাৰি।
৩। ছাত্র ছাত্রীৰ বিভিন্নতা/গাইগুটীয়া বৈসাদৃশ্য চিনাক্ত কৰণৰ যোগেদি দেৰিকৈ প্ৰস্ফুটিত হোৱাৰ সম্ভাৱনা থকা ছাত্র ছাত্রীক বিশেষ নজৰ দিয়া।
লিখনেৰে পৃষ্ঠা দখল কৰি মই এদিনতে কালিদাস সাজিব খোজা নাই। বহুত কথা ৰৈ থাকিল। পাঠক সমাজৰ সহাঁৰি পালে নিশ্চয় পৰৱৰ্তী সময়তো চেষ্টা কৰিম। লিখনিত ভূল ধৰা পৰিলে কমেন্টত জনাই শুধৰাবলৈ সুযোগ দিব। আশা কৰিছোঁ শিক্ষক সমাজ অলপ হলেও উপকৃত হব যদিহে তেখেত সকলে কথাবোৰ ধনাত্মক ভাবে গ্ৰহণ কৰে।