অসম পৰ্য্যটন

  • Home
  • অসম পৰ্য্যটন

অসম পৰ্য্যটন Assam tourist attractions.......
(7)

🌼🌼হাজোৰ বিখ্যাত-            কামেশ্বৰ দেৱালয়🌼🌼                                             🖌মৃগেন শৰ্মা                  ...
01/08/2022

🌼🌼হাজোৰ বিখ্যাত-
কামেশ্বৰ দেৱালয়🌼🌼

🖌মৃগেন শৰ্মা


হাজোত আছে বিখ্যাত কামেশ্বৰ দেৱালয়।

এই দেৱালয়লৈ নানা ঠাইৰ ভক্তৰ আগমন হয়।

দেৱালয়খনে হাজোক আনকেইখন দেৱালয়ৰ দৰে বিখ্যাত কৰি তুলিছে। এই দেৱালয়খন কামেশ্বৰ পাহাৰত আছে।

'যোগিনীতন্ত্ৰ' আৰু 'কালিকাপুৰাণ ' ৰ মতে পূৰ্বতে এইখন কামপীঠ আছিল।

পাছত সেয়া ধ্বংস হোৱাত ওঠৰ শতিকাত প্ৰমত্ত সিংহই এই দেৱালয় পুনৰ নিৰ্মাণ কৰে।

পাছত বৰভূইকঁপত ধ্বংস হোৱাত এই মন্দিৰ পুনৰ নিৰ্মাণ কৰা হয়।

মন্দিৰত শিৱলিংগ আৰু পঞ্চানন দশভূজা মূৰ্ত্তি আছে।

এই মন্দিৰত প্ৰতিবছৰে শিৱৰাত্ৰী আৰু মদন ত্ৰয়োদশী পালিত হয়।

01/08/2022
💐শিৱসাগৰ জিলা প্ৰশাসনৰ বহুদিনীয়া প্ৰচেষ্টাৰ অন্তত শিৱসাগৰ জিলাৰ উপায়ুক্ত শ্ৰী মেঘ নিধি দাহাল মহোদয়ে শেহতীয়াভাৱে জিলাখনৰ ...
02/03/2022

💐শিৱসাগৰ জিলা প্ৰশাসনৰ বহুদিনীয়া প্ৰচেষ্টাৰ অন্তত শিৱসাগৰ জিলাৰ উপায়ুক্ত শ্ৰী মেঘ নিধি দাহাল মহোদয়ে শেহতীয়াভাৱে জিলাখনৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত পোহৰ আৰু আলোকসজ্জাৰ এক সুন্দৰ ব্যৱস্থাপনাৰ পাতনি মেলে। 💐💐

এই প্ৰচেষ্টাৰ অংশস্বৰূপে শিৱদৌল প্ৰাংগণত অৱস্থিত বিষ্ণু দৌল আৰু দেৱী দৌল প্ৰাংগণো সম্পূৰ্ণৰূপে আলোকিত কৰি তোলা হৈছে।

শিৱদৌলৰ সৌন্দৰ্যবৰ্ধন আৰু আকৰ্ষণীয় কৰি তোলাৰ এই নান্দনিক পদক্ষেপ অসম চৰকাৰৰ "অসম দৰ্শন" আঁচনিৰ অধীনত গ্ৰহণ কৰা হৈছে।

এই পদক্ষেপে নিশ্চয়কৈ শিৱদৌলৰ প্ৰতি জিলাবাসীৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আকৰ্ষণ পূৰ্বতকৈ অধিকগুণে বৃদ্ধি কৰিব।

ঐতিহাসিক শিৱদৌলৰ লগতে "অসম দৰ্শন"ৰ অধীনত জিলাখনৰ অন্যান্য ঐতিহাসিক কীৰ্তিচিহ্নকো আলোকিত কৰাৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে।💐💐

18/02/2022

💐💐টাটা মটৰছ্‌ৰ SUV গাড়ীৰ বিজ্ঞাপনৰ জৰিয়তে কাজিৰঙাখন ধুনীয়াকৈ উপস্থাপন কৰা হৈছে। 💐💐

03/02/2022
💐💐লণ্ডন নহয় নাহৰলগুনলৈ গুৱাহাটীৰ পৰা যোৱা শতাব্দী এক্সপ্ৰেছ।💐💐ফটো: মনোজ কুমাৰ হাজৰিকা।💐
21/12/2021

💐💐লণ্ডন নহয় নাহৰলগুনলৈ গুৱাহাটীৰ পৰা যোৱা শতাব্দী এক্সপ্ৰেছ।💐

💐ফটো: মনোজ কুমাৰ হাজৰিকা।💐

💐💐যোৰহাটৰ শ্ৰী শ্ৰী অষ্টভূজ দেৱৰ পুণ্যতীৰ্থ বৰভেটিৰ ২৫৪ সংখ্যক "ন-লগোৱা" উৎসৱ💐💐আহোম সকলৰ শেষ সাংস্কৃতিক ৰাজধানী যোৰহাটৰ ...
23/11/2021

💐💐যোৰহাটৰ শ্ৰী শ্ৰী অষ্টভূজ দেৱৰ পুণ্যতীৰ্থ বৰভেটিৰ ২৫৪ সংখ্যক "ন-লগোৱা" উৎসৱ💐💐

আহোম সকলৰ শেষ সাংস্কৃতিক ৰাজধানী যোৰহাটৰ উত্তৰ-পশ্চিম দিশত ঐতিহাসিক বৰভেটি অৱস্থিত।

যোৰহাটৰ পৰা প্ৰায় ১২-১৩ কি.মি দুৰত্বত এই ঐতিহাসিক বৰভেটি অৱস্থিত ।

অসম বুৰঞ্জীৰ প্ৰাপ্ত তথ্য অনুসৰি আহোম স্বর্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত (১৭৬৯-১৭৮০ খ্রীঃ) মায়ামৰা সত্রাধিকাৰ অষ্টভুজ গোসাঁইৰ দিনতেই তেওঁৰ পুত্র সপ্তভুজে ১৭৬৮ খ্রীঃত সমগ্র অসমত সিঁচৰতি হৈ থকা শিষ্যসকলক আমন্ত্রণ কৰি গাইপতি একোচপৰাকৈ মাটি দিয়াই মালৌপথাৰৰ দ ঠাইত বৰভেটি বন্ধাইছিল বুলি জনশ্রুতি আছে ৷ এই ভেটি বন্ধাবৰ বাবে সেই ঠাইত প্রায় আঠ লাখ নবৈব হাজাৰ শিষ্য গোট খাইছিল৷

মালৌ পথাৰৰ উক্ত ঠাইডোখৰ ২৪ হাত দ আছিল৷ বর্তমান এই ভেটিৰ উচ্চতা ৩৬০ ফুট আৰু ১২০ ফুট বহল৷ তলত দীঘলে ৩৮০ ফুট, প্রস্থই ১৮৯ ফুট আছিল৷ বৰভেটিৰ মুঠ মাটিকালি প্ৰায় ৬ বিঘা, ১ কঠা, ১০ লোচা৷ বর্তমান বৰভেটি প্রায় ২০-২৫ ফুটমানহে ওখ হ’ব ! কিন্তু প্রথম অৱস্থাত সমতলৰ পৰা ইয়াৰ উচ্চতা আছিল প্রায় ৫৪ ফুট৷

ভেটিটো ওখ হোৱাৰ বাবেই ‘বৰভেটি’ বুলি ইতিহাস প্রসিদ্ধ৷ বৰভেটি আৰু খুটীয়াপোতা সত্রৰ মাজৰ দূৰত্ব তিনি-চাৰি কিল’মিটাৰ আৰু ইয়াৰ মাজতে ন-পাম সত্র মজিয়া ভেটিত আছিল৷ সেই ভেটিৰ নামেৰে আজিও সেই অঞ্চল মজিয়াভেটি নামে ইতিহাস প্রসিদ্ধ৷

১৭৬৯ খ্রীঃত মায়ামৰা সত্রাধিকাৰ সপ্তভুজৰ তত্ত্বাৱধানতে তেওঁৰ শিষ্যসকলে আহোম ৰাজতন্ত্রৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে৷ এই বিদ্রোহ অসমৰ ইতিহাসত মোৱামৰীয়া বা মায়ামৰা বিদ্রোহ নামে জনাজাত৷ বৰভেটিৰ ন-লগোৱা উৎসৱ অথবা ইয়াৰ নির্মাণৰ ইতিহাসৰ আৰত বহু তথ্য পোৱা যায়।

স্বৰ্গদেউ শিৱসিংহ ৰ ৰানী বৰ ৰজা ফুলেশ্বৰী কুঁৱৰী আৰু বৰবৰুৱা কীৰ্তিচন্দ্ৰৰ নিৰ্যাতনে মায়ামৰীয়া মহন্ত আৰু শিষ্য সকলক উত্তেজিত কৰি তোলো।

অনেকে 'মায়ামৰীয়া' শব্দটো মোৱামৰীয়া বুলি লিখে আৰু কয়। আনহাতে মায়ামৰীয়া মহন্তই ৰজাৰ নিৰ্দেশত এটা 'জপা' দেখুৱাই তাত কি আছে বুলি কোৱাত মহন্তই তাত সৰ্প আছে বুলি কোৱাত ৰজাই বিদ্ৰুপ কৰি জপাৰ সাঁফৰখন খুলি মুকলি কৰিবলৈ এজনক আদেশ কৰাত সচাঁকৈয়ে তাত এটা কালসৰ্পই ফেট তুলি উঠা দেখা গ'ল.....💐

13/06/2021

💐মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থানত প্ৰস্তাৱিত বৰদোৱা প্ৰকল্পৰ থ্ৰি ডি দৃশ্যাংশ ।💐

বিশ্বমানৰ পৰ্যটনস্থলী ৰূপে গঢ় দিয়া হ'ব গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাক ।

💐এই প্ৰকল্পটোৰ থ্ৰি ডি দৃশ্যাংশ উপভোগ কৰো আহক ।💐

02/04/2021

💐💐Bollywood actor, Vivek Oberoi . 💐💐

💐💐২৫০ বছৰীয়া পুৰণি খনিকৰ পুথি💐💐💐          উজনি অসমৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই “খনিকৰ পুথি” নামৰ ঐতিহাসিক পুথিভাগৰ বিষয়ে ...
22/02/2021

💐💐২৫০ বছৰীয়া পুৰণি খনিকৰ পুথি💐💐💐

উজনি অসমৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই “খনিকৰ পুথি” নামৰ ঐতিহাসিক পুথিভাগৰ বিষয়ে কম-বেছি পৰিমাণে জ্ঞাত। গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ খনিকৰ গাঁ‌ৱত সংৰক্ষিত এই খনিকৰ পুথিভাগৰ ইতিহাস প্ৰায় আঢ়ৈশ বছৰৰ পুৰণি।
অসমীয়া জাতিৰ গৌৰ‌ৱ উজ্বল ইতিহাসৰ সাক্ষী এই খনিকৰ পুথিভাগ বর্তমান কালত ৰাজ্যখনৰ এক আপুৰুগীয়া জাতীয় সম্পদ বুলিলেও বঢ়াই কো‌ৱা নহয়।
বিভিন্ন আধ্যাত্মিক আৰু অলৌকিক শক্তি জড়িত হৈ থকা বুলি ভবা এই পুথিভাগৰ ওচৰত সে‌ৱা ধৰিবলৈ অহা আৰু স্বগৃহলৈ নি পাঠ কৰি পুণ্য অর্জন কৰিবলৈ বিচৰা ভক্তৰ লগতে বিভিন্ন স্থানৰ পৰা অহা পৰ্যটকৰ সমাগমে খনিকৰ গাঁ‌ৱক বর্তমান এক পুণ্যক্ষেত্ৰত পৰিণত কৰিছে।
খনিকৰ পুথিৰ অন্তর্গত কীর্তন পুথিভাগৰ মুঠ পৃষ্ঠাৰ সংখ্যা হ’ল ১০৫ খিলা। ইয়াৰে দুখিলা বকলা। এই পুথিভাগৰ সাঁচিপাতসমূহ দীঘে ৪৫ ছে.মি. আৰু বহলে ১৬ ছে.মি.। পুথিভাগৰ শেষত “১৬৯০ শকৰ ৫ মাস, ৪বাৰ, ১তিথি সমাপ্ত”বুলি লিখা আছে।
অর্থাৎ, শ্ৰীমন্ত শংকৰদে‌ৱৰ তিৰোভা‌ৱ তিথিৰ প্ৰায় দুশ বছৰ পিছত, ইংৰাজী হিচাপমতে ১৭৬৮ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত খনিকৰ পুথিৰ অন্তর্গত কীর্তন পুথিভাগ লিখি শেষ কৰা হৈছিল।
ইপিনে, নামঘোষা ভাগিৰ সবর্মুঠ পৃষ্ঠাৰ সংখ্যা ৫৩, ইয়াৰ বকলা এখিলা। প্ৰতিটো পৃষ্ঠাৰ দীঘ ৩৫ ছে.মি. আৰু প্ৰস্থ ১০ ছে.মি.।
এই পুথিখন বান্ধি ৰাখিবৰ বাবে এটা বিন্ধাৰ ব্য‌ৱস্থাও আছে। পুথি ভাগৰ শেষত লিখা আছে, “১৬৯০ শকৰ মাস২, বাৰ বুধ। ঘোষা পুস্তকং সম্পূর্ণং সমাপ্ত।”, অর্থাৎ, আগৰ পুথিখনৰ প্ৰায় তিনিমাহৰ আগত এইখন লিখি শেষ কৰা হৈছিল। পুথিকেইখনত উল্লিখিত তাৰিখ-বাৰ শুদ্ধ বুলি গণ্য কৰিলে দুইখন পুথিয়ে ২০১৩ চনত ২৪৫ বছৰ পূর্ণ কৰা বুলি বুজিব পাৰি। পুথি দুখনৰ কোনোখনতেই পাতনি, সূচীপত্ৰ, লিখোঁতাৰ নাম বা ঠিকনা উল্লেখ নাই, বকলাত কে‌ৱল “যথা দৃষ্টং তথা লিখিতং” বুলিহে লিখা আছে।

পুথি দুখনৰ সংৰক্ষণস্থলীত বর্তমান বৰু‌ৱা পৰিয়ালৰ প্ৰযত্নত আৰু ৰাইজৰ সহযোগত এটি নামঘৰ প্ৰতিষ্ঠা কৰি উলিও‌ৱা হৈছে।
দেৰগাঁও-গোলাঘাট সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ কুৰালগুৰি চাৰি আলিৰ পৰা প্ৰায় ৫কি.মি. পশ্চিমে অ‌ৱস্থিত খনিকৰ চাৰি আলিৰ পৰা বাওঁহাতে প্ৰায় আধা কিলোমিটাৰ দূৰত্বত যো‌ৱা ২০০০ চনৰ মার্চ মাহত আনুষ্ঠানিকভাৱে উদ্বোধন কৰি উলিও‌ৱা এই নামঘৰটিৰ নাম ৰখা হৈছে খনিকৰ পুথি নামঘৰ।
খনিকৰ পুথিৰ সংৰক্ষণস্থলী, এই নামঘৰলৈ বর্তমান প্ৰতিদিনে একাধিক ভক্ত-দর্শনার্থী আৰু অনুগ্ৰহ প্ৰার্থীৰ আগমন ঘটে। বহুতো ব্যক্তি বা গৃহস্থীয়ে মনোগত অভীষ্ট সিদ্ধিৰ বাবে নামঘৰৰ পুথিভাগলৈ দিনৌ শলা-বন্তি, নৈবিদ্য বা দ্বণ্ড-খৰছা আগবঢ়ায়গৈ আৰু অন্যান্য কিছুসংখ্যকে স্বগৃহলৈ নি নাম-প্ৰসংগৰ জড়িয়তে শ্ৰ‌ৱণ-কীর্তন কৰাৰ মানসব্যক্ত কৰেগৈ। খনিকৰ পুথিক গৃহলৈ আহ্বান কৰা গৃহস্থীৰ সুবিধাৰ অর্থে নামঘৰটিত আজিকালি আগ্ৰহৰ তাৰিখ অনুক্ৰমে ভক্তৰ নাম-ঠিকনা সাঁচি ৰাখি শৃংখলাবদ্ধভাৱে অনুমোদন জনো‌ৱাৰ ব্যৱস্থা কৰা হৈছে। বর্তমান এই দায়িত্বত আছে বৰু‌ৱা পৰিয়ালৰ সন্তান শ্ৰী ভ‌ৱেশ বৰু‌ৱা।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, পুথিভাগক স্বগৃহলৈ নিব বিচৰা ভক্তই চুৰীয়া-চাদৰ আদি পৰম্পৰাগত ভকতীয়া পোচাক পিন্ধি বাকছৰ সৈত্যে নিজৰ মুৰৰ ওপৰত বা কান্ধত বহু‌ৱাইহে নিয়াৰ নিয়ম, কোনো বাহনৰ সহায়ত নহয়। পুথিভাগ সন্মুখেৰে পাৰ হৈ যো‌ৱা দেখা পালে সাধাৰণতে পদযাত্ৰী বা যান-বাহনৰ আৰোহীয়ে ৰৈ দি অথবা নতশিৰ হৈ পুথিভাগলৈ প্ৰণিপাত জনায়।

আঢ়ৈশ বছৰৰ গৌৰ‌ৱোজ্বল ইতিহাস বুকুত সামৰি ৰখা সাঁচিপতীয়া পুথিভাগৰ ইয়াতকৈ পুৰণি তথ্য জনা নাযায়। ভক্তৰ মনত ইয়াৰ অলৌকিকতা আৰু বিশ্বাসৰ উপৰিও চহকী অসমীয়া ঐতিহ্যৰ উহ বিচাৰিবলৈ পুথিভাগৰ ওপৰত বুৰঞ্জী আৰু বিজ্ঞানৰ দিশৰ পৰা বিস্তৃত গ‌ৱেষণাৰ থল আছে। বর্তমান প্ৰেক্ষাপটত পুথিকেইভাগৰ বিজ্ঞানসন্মত সংৰক্ষণৰ ব্যৱস্থা কৰাও অতি প্ৰয়োজনীয়।

খনিকৰ পুথি নামৰ পুথিভাগ দৰাচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱ আৰু শ্ৰীমন্ত মাধ‌ৱদে‌ৱৰ দ্বাৰা ৰচিত “কীর্তন” আৰু“নামঘোষা” নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। সাঁচিপাতত প্ৰাচীন অসমীয়া লিপিৰে লিখা এই পুথি দুখন আৱিষ্কাৰ হো‌ৱাৰ সময়ৰ পৰাই একেলগ কৰি এটা সুদৃশ্য কাঠৰ বাকছৰ ভিতৰত ৰখা হৈছে। কথিত আছে যে, মানৰ অসম আক্ৰমণৰ সময়তেই (১৮১৯-১৮২১চন) খনিকৰ গাঁও নি‌ৱাসী মণি বৰু‌ৱা নামৰ ব্যক্তি এজনে এই পুথিসমূহ উদ্ধাৰ কৰিছিল।
সেই সময়ত মানৰ অত্যাচাৰত গাঁ‌ৱৰ অধিকাংশ লোকেই হাবিয়ে-বননিয়ে পলাই ফুৰিছিল যদিও বৃদ্ধ মণি বৰু‌ৱাই বার্ধক্যৰ বাবে ঘৰ এৰি যাব পৰা নাছিল।
এসময়ত মানে গাঁ‌ৱৰ সকলোৰে ঘৰৰ স্থা‌ৱৰ সম্পত্তিসমূহ লুট কৰি লৈ যায় আৰু কিবা কাৰণত মণি বৰু‌ৱাৰ ঘৰৰ পুখুৰীৰ পাৰত এটা টোপোলা এৰি থৈ যায়। পিছত, ৺বৰু‌ৱাই টোপোলাটো খুলি তাত কীর্ত্তন, দশম, নামঘোষা আৰু ভক্তি ৰত্না‌ৱলী নামেৰে চাৰিখন মহাপুৰুষীয়া সাঁচিপাতৰ পুথি উদ্ধাৰ কৰে। কিছুদিন পিছত তেওঁ ইয়াৰে “দশম”ভাগ নিজৰ গাঁ‌ৱৰ নামঘৰলৈ আৰু “ভক্তি ৰত্না‌ৱলী ভাগ কাষৰ হালো‌ৱা গাঁ‌ৱৰ নামঘৰলৈ আগবঢ়ায় আৰু বাকী ৰো‌ৱা কীর্ত্তন আৰু দশম পুথি দুখন নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখে। পুথিদুখন ৰাখিবলৈ সেই সময়তে স্থানীয় শিল্পী ৺লীলাৰাম বৰু‌ৱাই দুটি কাঠৰ বাকছ তৈয়াৰ কৰি দিয়ে।
অৱশ্যে পিছলৈ অন্যান্য কেইবাজনো গুণমুগ্ধই পুথি সংৰক্ষণৰ উদ্দেশ্যে এনে বাকছ গঢ়ি দিছে বুলি জনা যায়। পিছত, দুই-এক গুণগ্ৰাহী লোকে এই পুথি দুভাগ নিজ গৃহত পাঠ কৰিবলৈ নি মনোকামনা সিদ্ধি আৰু মানসিক প্ৰশান্তি লাভ কৰিবলৈ ধৰে আৰু ইয়াৰ অলৌকিক মহিমা ৰাইজৰ মাজত বিয়পিবলৈ ধৰে।

মণি বৰু‌ৱাৰ মৃত্যুৰ পিছত বংশানুক্ৰমে তেখেতৰ পৰিয়ালে পুথিদুখনৰ সংৰক্ষণৰ দায়িত্ব লয়। এনেদৰে, মানৰ আক্ৰমণৰ সময়ৰ পৰা বর্তমানলৈকে সেই খনিকৰ গাঁ‌ৱতেই সংৰক্ষিত হৈ থকা বাবে এই সংযুক্ত পুথি দুখন জনমানসত খনিকৰ পুথি নামেৰেই বিখ্যাত হৈ পৰিল।

💐💐💐💐💐💐কৃষ্ণ 🙏💐💐💐💐💐💐

💐💐💐Bollywood actor, Vivek Oberoi arrived Dibrugarh today. 💐💐💐
22/02/2021

💐💐💐Bollywood actor, Vivek Oberoi arrived Dibrugarh today. 💐💐💐

🌼🌼 🖌  শ্ৰী শ্ৰী ৰামখাপীঠ দেৱালয় 🌼🌼🌼🌼 🖌   ভাগ্যশীষ ভৰালী  🌼🌼শ্ৰী শ্ৰী ৰামখাপীঠ দেৱালয় : কথিত আছে যে শিৱ পত্নী দক্ষ ৰজাৰ...
02/11/2020

🌼🌼 🖌 শ্ৰী শ্ৰী ৰামখাপীঠ দেৱালয় 🌼🌼

🌼🌼 🖌 ভাগ্যশীষ ভৰালী 🌼🌼

শ্ৰী শ্ৰী ৰামখাপীঠ দেৱালয় : কথিত আছে যে শিৱ পত্নী দক্ষ ৰজাৰ কন্যা সতীয়ে স্বামী নিন্দা সহ্য কৰিব নোৱাৰি দক্ষৰ যজ্ঞ থলীতে দেহ ত্যাগ কৰে। সতীৰ মৃত দেহ শূলপানিয়ে কান্ধত লৈ পৃথিৱী পৰিভ্ৰমণ কৰে। সতী পতি শিৱৰ কোপানলৰ পৰা পৃথিৱীক ৰক্ষা কৰিবলৈ বিষ্ণুয়ে সুদৰ্শন চক্ৰৰে সতীৰ দেহ খণ্ড খণ্ড কৰি চেদন কৰাৰ পাছত সতীৰ অঙ্গ যি যি স্থানত পৰিছিল কালক্ৰমত তাতে একোখন পীঠৰ সৃষ্টি হয়। সতীৰ অঙ্গৰে হোৱা পীঠ সমূহৰ ভিতৰত "তাম্ৰেশ্বৰী বা শদিয়াৰ কেচাই খাইটি" ভাটিৰ "কামাখ্যা" আৰু মধ্যস্হানত অথাৎ দিখৌমুখ অঞ্চলৰ দেওঁঘৰীয়াত অৱস্থিত "ৰামখাপীঠ দেৱালয়" বিশেষ ভাৱে উল্লেখযোগ্য। বুৰঞ্জীবিদৰ মতে শিৱসাগৰ জিলাৰ দিখৌমুখত অৱস্থিত এই ৰামখাপীঠ দেৱালয় খনি প্ৰাক আহোম যুগৰ অথাৎ আজিৰ পৰা প্ৰায় ৮০০ বছৰৰ পূৰ্বে চুতীয়া ৰজা সকলৰ দ্বাৰা প্ৰতিস্থিত হৈছিল। প্ৰবাদ আছে যে আহোমৰ আদি ৰজা স্বৰ্গদেউ চুকাফাই দেশ জয় কৰি ঘূৰি আহি এই ৰামখাপীঠলৈ বলি বিধান আগবঢ়াই কিছু ধন সোণ দিয়ে। এই দেৱালয়ৰ মঠ মন্দিৰ আৰু দেৱীৰ বিগ্ৰহ দিখৌ নদীয়ে দুবাৰ সামৰি লয়। কিন্তু পীঠৰ মহত্ব আৰু জাগৃতিৰ বাবে পুনঃ পুনঃ প্ৰতিষ্ঠিত হৈ আহিছে। শেষ বাৰ আহোম ৰজা স্বৰ্গদেউ লক্ষ্মীসিংহই ১৭৬৯-১৭৭৫ চনৰ ভিতৰত এই পীঠ ধুনীয়াকৈ সজাই দেৱীৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰে।


🌼🌼 🖌 ভাগ্যশীষ ভৰালী 🌼🌼

💐💐মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই ব্যৱহাৰ কৰা পাদুকা💐💐💐এতিয়াও বিছনা আৰু লাখুটি বিষ্ণুপুৰ সত্ৰ (বঙাইগাওঁ)ত সংৰক্ষিত হ...
02/11/2020

💐💐মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই ব্যৱহাৰ কৰা পাদুকা💐💐

💐এতিয়াও বিছনা আৰু লাখুটি বিষ্ণুপুৰ সত্ৰ (বঙাইগাওঁ)ত সংৰক্ষিত হৈ আছে💐

অসমৰ শক্তি পীঠ  ( মা দুৰ্গা মন্দিৰ )  💐💐💐💐💐শেৱালি শৰ্মা বৰকটকী💐💐💐   কাক গোঁসানী থান......     কাজিৰঙা আৰু বোকাখাটৰ মধ্যস...
10/10/2020

অসমৰ শক্তি পীঠ ( মা দুৰ্গা মন্দিৰ )

💐💐💐💐💐শেৱালি শৰ্মা বৰকটকী💐💐💐

কাক গোঁসানী থান......

কাজিৰঙা আৰু বোকাখাটৰ মধ্যস্থলতে , বোকাখাটৰ পৰা কাজিৰঙাৰ দিশে তিনি কিলোমিটাৰ মান আহিলেই এই মা দুৰ্গাৰ মন্দিৰ ভাগ পোৱা যায় ৷ শ শ বছৰ ধৰি ইয়াত মা দুৰ্গাৰ পূজাঅৰ্চনা চলি আহিছে ৷ শাৰদীয় দুৰ্গা পূজাত আৰু বাসন্তীপূজাত বলিবিধানৰে মাক পূজাঅৰ্চনা কৰা হয় ৷ বছৰৰ প্ৰায় সকলো দিনতে ইয়াত ভক্তৰ সমাগম হয় ৷ অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তগনে মনতে সংকল্প কৰি কিবা বিচাৰি মালৈ শৰাই আগবঢ়াই আৰু ভৱামতে ফলো লাভ কৰে ৷ শুনা মতে এইখন জাগ্ৰত থান ৷ বহুতে ইয়াক কেঁচাইখাইতী গোঁসানী থান বুলিও কয় ৷ আৰু সেইবাবেই চাগৈ ইয়াত ভক্তৰ ভীৰ দেখিবলৈ পোৱা যায় ৷ মাৰ কৃপাত মোৰ তিনিবাৰেই এই থান দৰ্শন কৰিবলৈ সৌভাগ্য ঘটিছিল ৷

মূল গোঁসানী মন্দিৰ ভাগৰ লগতে সৰুবৰ আৰু পাঁচটা মন্দিৰত দৈনিক পূজাঅৰ্চনা চলি থাকে ৷ এই কেইটা হ’ল --- গনেশ মন্দিৰ , হনুমান মন্দিৰ , শিৱ মন্দিৰ , সূৰ্য মন্দিৰ আৰু বিষ্ণু মন্দিৰ ৷ ভক্ত সকলে নিয়া শৰাই ইয়াতে উৎসৰ্গা কৰা হয় আৰু শেষত ভোগৰো ব্যৱস্থা আছে ৷

এই মন্দিৰৰ উৎস বিচাৰি গলে আহোম ৰজা গদাধৰ সিংহ ( গদাপাণি ) ৰ দিনতে এই মন্দিৰ স্থাপিত হয় ৷ ল’ৰা ৰজাৰ সকলো শাস্তি মুৰ পাতি লৈ সতী জয়মতীয়ে স্বামী গদাপাণিক ছদ্মবেশত পলাই যাবলৈ দিয়াত গদাপাণিয়ে বিভিন্ন ঠাইত ঘূৰিফুৰি শেষত গৈ বোকাখাটৰ পৰা প্ৰায় দহ কিলোমিটাৰ দূৰত মিকিৰ পৰ্বতত মালচি নামৰ এজন বুঢ়াৰ ঘৰত গৰখীয়া আৰু কামকৰা লোক হিচাপে থাকিবলৈ লয় ৷ গৰখীয়া গদাপাণিয়ে হাবিৰ মাজৰ জুৰিৰ পাৰত কাপোৰকানি সলাই বুকুত কাপোৰৰ তলত কাক বাহঁৰ চুঙাত কোনোবা প্ৰতিমা জুৰিৰ পাৰত থৈ গাপা ধুই প্ৰতিমাক পূজা কৰি আকৌ কাক বাঁহত ভৰাই বুকুত বান্ধি লয় বুলি অন্য গৰখীয়া ল’ৰাই বুঢ়াবুঢ়ীক কোৱাত তেওঁলোকৰ সন্দেহ হ’ল কোনোবা ছদ্মবেশীঅৱতাৰী পুৰুষ বুলি ৷ এনেও এবাৰ পথাৰত গেৰা বনৰীয়া ম’হে ধান খাইছে বুলি শুনি বুঢ়াবুঢ়ীয়ে খেদিবলৈ পঠিয়াই দিয়াত ঢেঁকীশালৰ ঢেঁকীটোকে লৈ গৈ নিমিষতে ম’হটো মাৰি আনি বুঢ়ীক ৰান্ধিবলৈ দিয়াত এওঁ সাধাৰণ মানুহযে নহয় তেওঁলোকে বাৰুকৈয়ে উপলব্ধি কৰিলে ৷

কনৌজৰ পৰা অৰ্জুন শৰ্মা নামৰ জ্যোতিষ শাস্ত্ৰত বিদগ্ধ পণ্ডিত এজনে বোকাখাটৰ গনক বিলত থাকি অপৰিসীম খ্যাতি লভিছিলহি ৷ গদাপাণি তেওঁৰ ওচৰলৈ যোৱাত তৎক্ষণাত তেওঁ ছদ্মবেশী গৰখীয়া গদাপাণিক চিনি পাইছিল আৰু নিজৰ কান্ধৰ গামোচাখন পাৰি বহিবলৈ দি কোন শকৰ কোন তিথিৰ , কিমান প্ৰহৰ যাওঁতে তেওঁ ৰাজপাটত উঠিব এই ভৱিষ্যত বাণী কৰি চুলি এডালৰ সমানো ইফালসিফাল নহব বুলি ক’লে ৷

জ্যোতিষীৰ গণনা মতে সময় সমাগত হোৱাৰ বাবে উলটি যোৱাৰ পৰত গদাপাণিয়ে বুকুত বান্ধি লৈ ফুৰোৱা সেই শক্তি প্ৰতিমা কাক-বাঁহৰ চুঙাৰে সৈতে চাটনি দলঙৰ কাষৰ অৰণ্যৰ এডাল গছত ওলোমাই থৈ যায় ৷ কালক্ৰমত সেই গছৰ তলতে সেই গোঁসানীক স্থাপন কৰা হ’ল ৷ আৰু তেতিয়াৰ পৰাই কাক গোঁসানী থান নামেৰে জনাজাত হ’ল ৷

এখন পৰিচালনা সমিতিয়ে বৰ্তমান এই থান খনৰ সকলো দিশতে চোৱাচিতা কৰি ভক্তগনক সহায় কৰি আহিছে ৷
.. . জয় মা দুৰ্গা ......

শেৱালি শৰ্মা বৰকটকী
মৰিগাঁও

💐💐পৃথিৱীৰ বৃহত্তম আৱাসিক নদীদ্বীপ মাজুলী আৰু পৃথিৱীৰ সবাতোকৈ সৰু নদীদ্বীপ উমানন্দ দুয়োটাই অসমতে অৱস্থিত যদিও দুয়োটাৰ মাজ...
10/10/2020

💐💐পৃথিৱীৰ বৃহত্তম আৱাসিক নদীদ্বীপ মাজুলী আৰু পৃথিৱীৰ সবাতোকৈ সৰু নদীদ্বীপ উমানন্দ দুয়োটাই অসমতে অৱস্থিত যদিও দুয়োটাৰ মাজৰ দূৰত্ব প্ৰায় ৩৫০ কিলোমিটাৰ💐💐

ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে এই বৃহৎ দূৰত্ব মাত্ৰ এখন বাহৰ ভূৰেৰে ৮ দিনত পাৰ কৰি দূ:সাহসিক পৰ্যটনৰ এক অপূৰ্ব নিদৰ্শন ডাঙি ধৰিছে অসমৰ সাহসী যুৱক ৰিছান, শেখৰ আৰু নয়নে। তেওঁলোকৰ এই প্ৰচেষ্টাৰ শলাগ লৈ তেওঁলোকক সন্মানিত কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেৱে...

অসমৰ শক্তি পীঠৰ পৰিচয়     দেওপানী দুৰ্গা মন্দিৰ💐💐💐💐শেৱালি শৰ্মা বৰকটকী💐💐💐💐            কাৰ্বি আংলং জিলাৰ অতি মনোৰম ঠাইত এ...
05/10/2020

অসমৰ শক্তি পীঠৰ পৰিচয়
দেওপানী দুৰ্গা মন্দিৰ

💐💐💐💐শেৱালি শৰ্মা বৰকটকী💐💐💐💐

কাৰ্বি আংলং জিলাৰ অতি মনোৰম ঠাইত এই মন্দিৰ ভাগ অৱস্থিত ৷ ঐতিহ্যমণ্ডিত এই মন্দিৰৰ মা দুৰ্গাক মানস কৰি যিয়েই যি কামনা কৰে সকলো ফল পায় বুলি ভক্তৰ বিশ্বাস ৷ সেই বাবেই চাগৈ ৰাজ্যৰ বাহিৰেও দেশ বিদেশৰ অগণন ভক্তই বছৰৰ প্ৰতিটো দিনতে ইয়াত ভীৰ কৰেহি ৷৷ভক্তগনে মনৰ দুখ-বেদনা , হতাশা , মনৰ কষ্ট আদিৰ পৰা পৰিত্ৰাণ পাবলৈ মাৰ চৰণত শৰাই শলিতা আগৱঢ়ায় আৰু আহি মাক উৎসৰ্গা কৰি ফল পায় ৷ মা দুৰ্গাৰ মুল মন্দিৰ ভাগৰ কাষতে এভাগ শিৱ মন্দিৰ আছে ৷ আৰু এই শিৱ মন্দিৰৰ কাষতে এজোপা বৃহৎ আকাৰৰ বটবৃক্ষ আছে ৷

জনবিশ্বাস মতে মা মন্দিৰৰ কাষতে থকা বটবৃক্ষ জোপাত যদি কোনোবাই কিবা সংকল্প বা মানস কৰি ৰঙা ফিটা বান্ধে তেতিয়া তেওঁ মনত যি বাঞ্চা কৰে সি সিদ্ধি হয় ৷ সেইবাবেই নিতৌ সহস্ৰাধিক ভক্তই আহি ইয়াত ৰঙা ফিটা বান্ধে আৰু মনৰ কামনা পূৰ্ণ হোৱাৰ পিছত বান্ধটো খুলি দিয়েহি ৷লোকবিশ্বাস মতে ৰঙাফিটা ডাল বান্ধোতে কি উদ্দেশ্য বান্ধিছে মনতে ভাৱি একে উশাহতে বান্ধিব লাগে ৷ মা গোঁসানীক পূজাঅৰ্চনা কৰিবৰ বাবে মন্দিৰৰ সন্মুখ ভাগতে থকা বিভিন্ন দোকান সমূহৰ পৰা ফুল , ফলমূল , চাকিবন্তি ধূপ , গছত বান্ধিবলৈ ৰঙাফিটা ক্ৰয় কৰিবলৈ সুন্দৰ সুবিধা আছে ৷

দুৰ্গাপূজা আৰু মাঘ মাহত কেইবা কিলোমিটাৰ আঁতৰৰ পৰাই গাড়ীৰ লানিনিচিঙা সোঁত ৷ বহুতৰ আকৌ মা দুৰ্গাৰ মুল গোঁসানীক দৰ্শন কৰিবলৈ ভাগ্যতে নিমিলে মানুহৰ হেঁচাঠেলা বাবে ৷

কেইবছৰমানৰ আগতে আমি নিজৰ নিজৰ পৰিয়ালৰ লগতে আত্মীয় স্বজন সকলো মিলি ডাঙৰ চুপাৰ বাছ এখন লৈ মা দেওপানী দুৰ্গা মন্দিৰলৈ বুলি যাত্ৰা কৰিছিলোঁ ৷ মৰিগাঁৱৰ পৰা দূৰত্ব যথেষ্ট বেছি হোৱাৰ বাবে পূৱে ঢলফাট দিওঁতেই আমাৰ যাত্ৰা আৰম্ভ হৈছিল ৷ নুমলীগড়হৈ ৰাষ্ট্ৰীয় ঘাইপথেদি নামবৰ অভৰাৰণ্যৰ মাজেৰে বৰ মনোৰম যাত্ৰা আছিল আমাৰ ৷ কাৰ্বিআংলঙৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ নান্দনিক দৃশ্যই সকলোকে আপ্লুত কৰিছিল ৷

উভতনি যাত্ৰাত আমি গৰমপানী অভৰাৰণ্যত থকা গৰমপানী উঁহ ত নামি তাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে অনবৰতে গৰম পানী উতলি থকা উৎসটো চাই আহি পুনৰ নুমলীগড়ত থকা বাবাধাম শিৱ মন্দিৰত সোমাই সন্ধিয়া চাকিবন্তি জ্বলাই সেৱা এভাগ ললোঁ ৷

আমি যোৱা আজি কেইবাবছৰো হ’ল যদিও মন্দিৰৰ চৌপাশৰ প্ৰাকৃতিক পৰিবেশ , মন্দিৰ কৰ্তৃপক্ষৰ চাফচিকুণতা , মাৰ মাহাত্ম্য , গছত বান্ধি দিয়া ৰঙাফিটাৰ মহত্ত্বই আজিও ৰিঙিয়াই মাতে ৷

*********************

শেৱালি শৰ্মা বৰকটকী
মৰিগাঁও

🌼🌼অসম বিখ্যাত-         হলেশ্বৰ   দেৱালয়🌼🌼                       🖌মৃগেন শৰ্মা      অসম বিখ্যাত হলেশ্বৰ দেৱালয় আছে তেজপুৰত...
03/10/2020

🌼🌼অসম বিখ্যাত-
হলেশ্বৰ দেৱালয়🌼🌼

🖌মৃগেন শৰ্মা
অসম বিখ্যাত হলেশ্বৰ দেৱালয় আছে তেজপুৰত।এই দেৱালয় স্হাপন কৰে স্বৰ্গদেউ ৰুদ্ৰসিংহই। এই হলেশ্বৰ দেৱালয়ৰ মন্দিৰ থকা ঠাইত এটা শিৱলিংগ বাওতে ওলায়ছিল। সেইবাবে এই দেৱালয়ৰ নাম হলেশ্বৰ হয়। এই দেৱালয়ৰ পূৰ্বৰ নাম হাৰুপেশ্বৰ। ইয়াৰ মন্দিৰত এটা শিলত কটা গণেশ মূৰ্ত্তি আছে।ইয়াত প্ৰতিবছৰ শিৱৰাত্ৰী পালিত হয়।

How green is my valley....Believe me, this is in Awesome assam.This is a place known as Boginodi Soil in Lakhimpur distr...
23/09/2020

How green is my valley....

Believe me, this is in Awesome assam.
This is a place known as Boginodi Soil in Lakhimpur district. That fresh air, enormous greens, the calm river...oww it's mesmerizing....

Plan a trip with your beloved❤️❤️

💐💐অসমৰ বাঁহ উদ্যোগক এক নতুন দিশেৰে উন্মোচিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ💐...
23/09/2020

💐💐অসমৰ বাঁহ উদ্যোগক এক নতুন দিশেৰে উন্মোচিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ💐💐

💐💐💐💐💐মহামায়া দূৰ্গা মন্দিৰ💐💐💐💐                   এতিয়া শাৰদীয় দূৰ্গা পূজাৰ বতৰ ।মহালয়াৰ পিচদিনাৰ পৰাই দেৱী পক্ষৰ আৰম্ভণি...
23/09/2020

💐💐💐💐💐মহামায়া দূৰ্গা মন্দিৰ💐💐💐💐

এতিয়া শাৰদীয় দূৰ্গা পূজাৰ বতৰ ।মহালয়াৰ পিচদিনাৰ পৰাই দেৱী পক্ষৰ আৰম্ভণি হয় ৷ কোনো ঠাইত নৱৰাত্ৰি পূজা আৰম্ভ হয় ৷ আমাৰ অসমত ষষ্ঠীৰ পৰা দশমীলৈকে দূৰ্গা পূজা পালন কৰা হয় ৷ এইবাৰ আহিন মাহটো মল মাহ হোৱাৰ বাবে ( একে মাহতে দুটা অমাবাস্যা হলে মল মাহ বুলি কোৱা হয় ৷ পূজাপাতল নিষিদ্ধ ) এইবাৰ দূৰ্গা পূজা অক্টোবৰৰ ২২ তাৰিখৰ পৰাহে আৰম্ভ হব ৷ আহিন মাহটো মলমাহ নোহোৱা হলে কাইলৈৰ পৰাই হ’লহেঁতেন ৷ অৱশ্যে এইবাৰ কৰ’না মহামাৰীয়ে সকলো আনন্দ উৎসৱ ম্লান কৰি পেলালে ৷ চৰকাৰৰ নিয়ম সমূহ মানি পূজা কমিটি সমূহে বৈদিক কাম খিনি কৰিয়েই অনুষ্টুপীয়াকৈ পূজা ভাগ সমাপন কৰাটোৱেই শ্ৰেয় ৷


শাৰদীয় দূৰ্গা পূজা আৰু বাসন্তী পূজাৰ উপৰিও অসমৰ শক্তি পীঠ সমূহত স্থায়ীভাৱে মা দূৰ্গাক বছৰৰ সকলো দিনতে পূজা অৰ্চনা কৰা হয় ৷ মই দৰ্শন কৰা তেনে কেইখনমান শক্তিপীঠৰ বিষয়ে আপোনালোকক কবলৈ লৈছোঁ ...



💐💐💐 মহাময়া মন্দিৰ 💐💐💐

ধুবুৰী জিলাৰ বগৰীবাৰীৰ পৰ্বত জোৱাৰত এই মন্দিৰ অৱস্থিত ৷ ইয়াত দৈনিক মাৰ পূজাঅৰ্চনা চলি থাকে ৷ জনবিশ্বাসমতে ভক্তই শুদ্ধমনে শুদ্ধচিত্তে মাক আৰাধনা কৰি যদি কিবা বিচাৰে , তেতিয়া সুফল পায় ৷ সেই বাবেই চাগে অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ ভক্তৰ লানিনিচিঙা সোঁত বয় ৷ আমাৰ দুবাৰকৈ এই মন্দিৰলৈ যাবলৈ সৌভাগ্য ঘটিছিল ৷ মাঘ মাহত ভক্তৰ সমাগম বহুত বেছি হয় ৷ বহুতেই ভীৰৰ প্ৰকোপত মুল মন্দিৰত প্ৰবেশ কৰিবলৈ সুবিধাই কৰিব নোৱাৰে ৷ পূজাৰ শেষত গোঁসানীক ভোগ চৰোৱাৰ পিছত সমূহ ভক্তক ভোগ ( নিৰামিষ ভাত ) খাবলৈ দিয়া হয় ৷

মূল এই মন্দিৰৰ এটা অংশ টিপকাই নদীৰ পাৰত অৱস্থিত ৷ এই নদীৰ ঘাটত মা ভগৱতীয়ে স্নান কৰিছিল বাবে ইয়াক স্নানঘাট মহামায়া মন্দিৰ নামেৰে জনাজাত ৷ ই মূল মহামায়া মন্দিৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত্বত আছে ৷ স্নানঘাট মন্দিৰত প্ৰায় আঠদহটা মন্দিৰ আছে ৷ মন্দিৰৰ গোটেই পৰিবেশটোৱেই চালে চকুৰোৱা ৷ কৃত্ৰিম ভাৱে নিৰ্মাণ কৰা এডাল সাপৰ নেজেৰে সোমাই গলে ছবিৰ সৈত্যে বেউলা লখিন্দৰৰ গোটেই কাহিনীটো পঢ়ি শেষ হলেই পুনৰ সাপৰ মুখেৰে ওলাই যাব পাৰি ৷ পুনৰ মাটিৰ তললৈ নামি গলে তলে তলে নৱগ্ৰহৰ পৰা আদি কৰি কেইবাটাও মন্দিৰ দৰ্শন কৰি পুনৰ মাটি ভাগলৈ উঠি আহিব পাৰি ৷ স্থল ভাগতো মূল ভগৱতীৰ মন্দিৰৰ আশেপাশে মনসা , সৰস্বতী , লক্ষ্মী , ব্ৰহ্মাৰ মন্দিৰ বেলেগে বেলেগে আছে ৷মুঠতে এখন যেন মন্দিৰ নগৰীহে ৷ তাৰ উপৰিও কৃত্ৰিম ভাৱে নিৰ্মাণ কৰা এডাল বিশাল আকাৰৰ বটবৃক্ষ আছে আগতে নাজানিলে কাৰোৱেই কৃত্ৰিম বুলি ভাৱিবলৈ অৱকাশ নাথাকে ৷ বৃহৎকায় হনুমানৰ মূৰ্তি এটাও আছে লগতে বহুতো কাৰো কাৰ্য্য ৷

এই শ্ৰী শ্ৰী মহামায়া থানৰ এটা সুন্দৰ কিম্বদন্তী আছে ৷ প্ৰায় তিনি শতিকাৰ আগতে এই মন্দিৰৰ চৌপাশে অটব্য সুগভীৰ অৰণ্য আছিল ৷চান্দপুৰ নিবাসী এজন কাঠ বেপাৰী কাঠ কিনিবৰ বাবে পৰ্বত জোৱাৰলৈ আহিছিল ৷ কাঠ বেপাৰীজনে পৰ্বত জোৱাৰৰ পৰা কিছু আঁতৰত “ বিষ্ণুপুৰ ” নামেৰে ঠাইৰ উত্তৰ ফালে কাঠ কিনি তেওঁৰ প্ৰকাণ্ড নৌকাত বোজাই দি ৰাতি নিজ দেশৰ অভিমুখে লগৰীয়াৰ লগত টিপকাই নদীয়েদি যাত্ৰা কৰিছিল ৷ টিপকাই খৰস্ৰোতা পাহাৰীয়া নৈ ৷ বাৰিষা ইয়াৰ ৰূপ টলমল ভয়াবহ ৷ পানীৰ সোঁতত নাও উটি গৈ ক্ষন্তেকতে নদীৰ পূব পাৰৰ লতা আৰু অৰণ্যৰে পৰিপূৰ্ণ, হিংস্ৰ বনৰীয়া জন্তুৰ গোজৰণিয়ে মুখৰিত প্ৰকাণ্ড চাকনৈয়া পালেগৈ ৷ তেতিয়া মাজনিশা তাতে অমাবস্যাৰ অন্ধকাৰত ভীষণ ধুমুহা আৰু বৰষুণ ৷নাও খন মাজ নদীৰ অটলত পতিত হ’ল ৷ এই ভয়ঙ্কৰ দুৰ্যোগত বিপদহাৰিনী , দুৰ্গতিনাশিনী জয় মা দূৰ্গাৰ নাম বেপাৰীজনে আকুল ভাৱে লবলৈ ধৰিলে ৷ সকলো চেদেলি ভেদেলি হৈ গ’ল ৷ কোনেও কাকো দেখা নেপালে ৷ কাঠ বেপাৰীজনে অনবৰতে মা দূৰ্গাক কাকুতি কৰিবলৈ ধৰিলে ৷ আৰু এসময়ত কোনোমতে নদীৰ পাৰত উঠিলহি ৷ ভগৱতী মহামায়া তেওঁৰ কাকুতিত সন্তুষ্ট হ’ল৷

তেতিয়া পূৱে ধলফাট দিলে ৷ সম্পূৰ্ণ পোহৰ হোৱা নাই ৷ এনে সময়তে বেপাৰীজনে স্বৰ্গীয় সুসমামণ্ডিতা দিব্য পৰিধানভূষিতা এক অপৰূপ বালিকাক দেখিবলৈ পালে ৷ অভূতপূৰ্ব শিহৰণ সৰ্বশৰীৰত অনুভৱ কৰিলে ৷ দেহৰ দুখ ভাগৰ পলকতে নাইকিয়া হৈ গ"ল ৷ তেওঁ আচৰিত হ’ল “ এইয়া কোনোবা দেৱী ৷” আৰু তেওঁ প্ৰতক্ষ্য কৰিলে সদ্যস্নাতা কাঞ্চন আভাৰ অষ্টবৰ্ষৰ এক দিব্য জ্যোতি ৷ লগেলগে গোটেই হাবিখন আলোকিত হৈ পৰিল ৷ বেপাৰীজনে সকলো বুজিব পাৰি মহামায়াৰ চৰণত সাষ্টাংগে পৰি কাকুতি কৰিবলৈ ধৰিলে ৷

দেৱীৰ হৃদয় ভক্তৰ প্ৰতি সুপ্ৰসন্ন হ’ল ৷ সেইবাবেই হেৰোৱা সকলোবোৰ ঘূৰাই পাব কিন্তু নিৰ্জনতাত সংগোপনে স্নানৰতা গোঁসানীক দেখা পোৱাৰ বাবে তেওঁৰ এমাহৰ ভিতৰতে মৃত্যু হব ৷ কিন্তু যিহেতু তেওঁহে প্ৰথম প্ৰত্যক্ষ কৰিলে গতিকে তেওঁৱেই মাৰ আৰ্বিভাৱৰ প্ৰচাৰ কৰিব লাগিব ৷ মা মহামায়াই সেই ঠাইৰ পৰা প্ৰায় দুমাইল শিলাময় বাটেৰে গৈ লতাৰে সুসজ্জিত এজোপা বেল গছৰ তলত শিলাময় বেদীত তেওঁ পীঠ আছে বুলি কলে আৰু তাতে তেওঁৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ জমিদাৰক জনাবলৈ কলে ৷ আৰু তেওঁ বৰ্তমান থকা ঠাই ডোখৰত তেওঁ স্নান কৰে গতিকে তাতে স্নানঘাট নিৰ্মাণ কৰিবলৈ ক’লে ৷

মাৰ আশীষ ধন্য হৈ বেপাৰী জনৰ ঘৰত সকলো বস্তু নিবিঘ্নে পালে যদিও তেওঁৰ মৃত্যুৰ দিন চমু চাপি অহাৰ বাবে পুতেকক আদ্যোপান্ত বিবৰি কৈ ইহলীলা ত্যাগ কৰিলে ৷ তেওঁৰ মৃত্যুৰ পিছত পুত্ৰই নৈৰে আহি জমিদাৰৰমক সকলো কোৱাত জমিদাৰে স্নান ঘাটৰ পৰা গোঁসানীৰ কথামতেই দুই কিলোমিটাৰ হাবি ভাঙি সদলবলে গৈ সেই নিদিষ্ট বেল জোপা পাই মহামায়াৰ শোভন মূৰ্তি আবিষ্কাৰ কৰি তাতে শংখধ্বনিৰে মাক প্ৰতিষ্ঠা কৰিলে ৷ মাৰ আৰ্বিভাৱৰ কথাটো সকলোতে বিয়পি পৰাত অৰ্চনাৰ বাবে স্বপ্নাদিষ্ট হৈ কাশীৰ অন্নপূৰ্ণা মন্দিৰৰ পৰা ব্ৰহ্মচাৰী এজন আহি পৰ্বত জোৱাৰত উপস্থিত হ’লহি ৷ তেওঁ প্ৰ্কৃততে নলবাৰীৰ সোনকুৰিহা গাঁৱৰ লোক আছিল ৷

কালক্ৰমত ১৯৫৯ চনৰ ১৫ মাৰ্চত চৰকাৰে মহামায়াৰ দেৱোত্ত সম্পত্তিৰ অধিগ্ৰহণ কৰি পৰিচালনা সমিতিৰ দ্বাৰা চলাবলৈ লয় ৷ মন্দিৰ নিৰ্মাণত জমিদাৰ ৺ হৰেন্দ্ৰনাৰায়ণ সিংহ চৌধুৰীয়ে আগভাগ লৈছিল ৷ বৰ্তমান এই মন্দিৰ ভাগে ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি আহিছে ৷

*** *** জয় মা মহামায়া *** ***

(পৰবৰ্তী খণ্ডটিত কাক গোঁসানীৰ থানৰ পৰিচিতি আগবঢ়াম ৷)

💐💐শেৱালি শৰ্মা বৰকটকী💐💐
💐💐মৰিগাঁও💐💐

🌼🌼ঐতিহ্যমণ্ডিত সিদ্ধেশ্বৰ দেৱালয়🌼🌼                                   🖌মৃগেন শৰ্মা      অসমৰ বস্ত্ৰ নগৰী শুৱালকুছিৰ এটা ব...
15/09/2020

🌼🌼ঐতিহ্যমণ্ডিত সিদ্ধেশ্বৰ দেৱালয়🌼🌼

🖌মৃগেন শৰ্মা

অসমৰ বস্ত্ৰ নগৰী শুৱালকুছিৰ এটা বিখ্যাত মন্দিৰ হ'ল সিদ্ধেশ্বৰ দেৱালয়। এই মন্দিৰ ১৭২৯ চনত স্বৰ্গদেউ শিৱসিংহৰ দিনত সজা হয় ।এই মন্দিৰত বিষ্ণু, লক্ষ্মী আৰু সৰস্বতী দেৱীৰ মূৰ্ত্তি আছে। ইয়াৰ সম্মুখত থকা শিৱলিংগৰ নাম সিদ্ধেশ্বৰ। মন্দিৰৰ গাত বিভিন্ন দেৱ-দেৱীৰ মূৰ্ত্তি খোদিত আছে।ড.মহেশ্বৰ নেওগে লিখিছে-"উত্তৰ সৰু বংশৰ মৌজাৰ শুৱালকুছি গাঁৱত সিদ্ধেশ্বৰ শিৱ মন্দিৰ যি পৰ্বতত অৱস্হিত সেয়ে যোগিনীতন্ত্ৰৰ বিন্ধাচল ।তাৰ দেৱতা সিদ্ধেশ্বৰ ।"এই দেৱালয়লৈ নিতৌ অসমৰ অনেক ঠাইৰ ভক্তৰ আগমন হয়।

💐💐💐💐চকলং বিবাহ (আশা)💐💐💐💐                   💐লেখিকা ফুকন💐
14/09/2020

💐💐💐💐চকলং বিবাহ (আশা)💐💐💐💐

💐লেখিকা ফুকন💐

🌼🌼 হাতীগড় শিৱদ'ল🌼🌼                 🖌মৃগেন শৰ্মাযোৰহাট নগৰৰ পৰা পাঁচ মাইল নিলগত আছে হাতীগড় শিৱদ'ল।১৭৮৬-৮৭ চনত এই দেৱালয়ৰ ...
04/09/2020

🌼🌼 হাতীগড় শিৱদ'ল🌼🌼

🖌মৃগেন শৰ্মা

যোৰহাট নগৰৰ পৰা পাঁচ মাইল নিলগত আছে হাতীগড় শিৱদ'ল।১৭৮৬-৮৭ চনত এই দেৱালয়ৰ ভেটী স্হাপন কৰা হয়। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ইচ্ছামতে মন্ত্ৰী পুৰ্ণানন্দ বুঢ়াগোঁসায়ে এই মন্দিৰ সাজিব লয়।পুখুৰী এটাও খন্দা হয়। দেৱালয়ৰ পুজাৰী হিচাপে লেহুবৰ শৰ্মাক আৰু এঘৰক পৰিচালনাৰ ভাৰ দিয়া হয়। কিন্তু মন্দিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ আহোতে মেৱামৰীয়া বিদ্ৰোহ হয়। পুৰ্নানন্দ বুঢ়াগোঁহায়ে ৰজাক গুৱাহাটীলৈ পঠিয়াই নিজে অলপীয়া সৈন্যৰে নগৰ ৰক্ষা কৰি থাকিল। পাছত ৰজাৰ আহ্বানত কেপ্তেইন ৱেলচে বৃটিছ সৈন্যৰে মেৱামৰীয়াক দমন কৰে আৰু ১৭৯৩ চনত ৰজাক পুনৰ সিংহাসনত বহুৱাই।লেহুবৰ শৰ্মাইও ঘূৰি আহি পুনৰ দেৱালয়ৰ শিৱলিংগৰ দৈনিক পূজা-অৰ্চনাত লাগে।এই দেৱালয়ত টিনৰ চালি এখন দিয়া হয়।(তথ্যৰ উৎস-পৱিত্ৰ অসম)।এই দেৱালয় অসমৰ এখন বিখ্যাত দেৱালয়।

আবেলি বাগৰি সন্ধিয়া নামে...আশাবোৰ আকৌ সজীৱ হয় নতুন পুৱাৰ কল্পনাত...Photo Courtesy - Manab J Kalita
26/08/2020

আবেলি বাগৰি সন্ধিয়া নামে...আশাবোৰ আকৌ সজীৱ হয় নতুন পুৱাৰ কল্পনাত...

Photo Courtesy - Manab J Kalita

Come and have a safe ride above the mighty Brahmaputra.....The longest Rope way of India is officially inaugurated.
26/08/2020

Come and have a safe ride above the mighty Brahmaputra.....

The longest Rope way of India is officially inaugurated.

🌼🌼হাজোৰ বিখ্যাৎ-            কামেশ্বৰ দেৱালয়🌼🌼                                             🖌মৃগেন শৰ্মা                  ...
26/08/2020

🌼🌼হাজোৰ বিখ্যাৎ-
কামেশ্বৰ দেৱালয়🌼🌼

🖌মৃগেন শৰ্মা


হাজোত আছে বিখ্যাত কামেশ্বৰ দেৱালয়।এই দেৱালয়লৈ নানা ঠাইৰ ভক্তৰ আগমন হয়।দেৱালয়খনে হাজোক আনকেইখন দেৱালয়ৰ দৰে বিখ্যাৎ কৰি তুলিছে। এই দেৱালয়খন কামেশ্বৰ পাহাৰত আছে। 'যোগিনীতন্ত্ৰ' আৰু 'কালিকাপুৰাণ ' ৰ মতে পূৰ্বতে এইখন কামপীঠ আছিল। পাছত সেয়া ধ্বংস হোৱাত ওঠৰ শতিকাত প্ৰমত্ত সিংহই এই দেৱালয় পুনৰ নিৰ্মাণ কৰে।পাছত বৰভূইকঁপত ধ্বংস হোৱাত এই মন্দিৰ পুনৰ নিৰ্মাণ কৰা হয়। মন্দিৰত শিৱলিংগ আৰু পঞ্চানন দশভূজা মূৰ্ত্তি আছে।এই মন্দিৰত প্ৰতিবছৰে শিৱৰাত্ৰী আৰু মদন ত্ৰয়োদশী পালিত হয়।

🌼🌼আগ্নিবাণেশ্বৰ দেৱালয়🌼🌼                        🖌মৃগেন শৰ্মা         বিখ্যাত অগ্নিবাণেশ্বৰ দেৱালয় আছে কামৰূপ জিলাৰ আজ্ঞা...
15/08/2020

🌼🌼আগ্নিবাণেশ্বৰ দেৱালয়🌼🌼

🖌মৃগেন শৰ্মা

বিখ্যাত অগ্নিবাণেশ্বৰ দেৱালয় আছে কামৰূপ জিলাৰ আজ্ঞাঠুৰীৰ গণেশ মন্দিৰৰ উত্তৰ-পূব দিশত।পূব বংশৰ মৌজাৰ দদৰা-দলিবাৰী অঞ্চলৰ এই দেৱালয় অতি পুৰণি।এই দেৱালয় অগ্নিবাণেশ্বৰ পৰ্বতত আছে।
এই দেৱালয় শোণিতপুৰৰ বাণ ৰজাই প্ৰতিষ্ঠা কৰিছিল বুলি শুনা যায়।আকৌ এই দেৱালয় ৰজা শিৱসিংহই ১৭৩০ চনত নিৰ্মাণ কৰিছিল বুলিও শুনা যায়।ৰজাজনে দেৱালয়ৰ নামত ভূমিদান কৰে।ইয়াৰ বিগ্ৰহ শিৱলিংগ।ৰজা বনমাল বৰ্মাদেৱে ইয়াত উপসনা কৰিছিল।

Address


Website

Alerts

Be the first to know and let us send you an email when অসম পৰ্য্যটন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Travel Agency?

Share