14/11/2020
Travellurge-ঘুৰি ফুৰিবৰে মন "আৰু মোৰ ফালৰ সকলো বন্ধু-বান্ধৱী তথা সমুহ পৰিয়ালবৰ্গলৈ দীপান্বিতাৰ হিয়াভৰা মৰম ও শুভেচ্ছা যাচিলোঁ । পোহৰে উৎসৱে কৰনা কালৰ অমানিশা আঁতৰাই কঢ়িয়াই আনক নতুন দিনৰ ,নতুন আশাৰ সম্ভাৰ তাৰেই কামনা কৰিছো ।
পৰ্যটনঃঅসম/উত্তৰ পূৰ্বাঞ্চল আৰু দক্ষিণ পূৱ এছিয়া
"অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ......"
অসম আৰু উত্তৰ-পূৱ ভাৰত পৰ্যটকৰ বাবে এক স্বৰ্গ । ইয়াৰ সৌন্দৰ্যৰ তুলনাহীন আৰু প্ৰাকৃতিক সম্পদ , মোহাচ্চনাকৰা পাহাৰ, নদী, জলপ্ৰপাত, ডাঠ গভীৰ অৰণ্য, সেউজ অৰণ্য, মৌচুমী কালত হোৱা ধাৰাসাৰ বৰষুণ, অজস্ৰ প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণী, অজস্ৰ প্ৰজাতিৰ বনৰীয়া জন্তু আৰু উদ্ভিদ, মধুৰ সংগীত, আনন্দজনক নৃত্য , ভিন্ন জাতি জনজাতিৰ খাদ্যাভ্যাস, কলা , সংস্কৃতি আৰু নানা উৎসৱৰ দ্বাৰা সমৃদ্ধ।
তেনেদৰে দক্ষিণপূৱ এছিয়া হৈছে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটন স্থান । চাৰিওফালে এক ক্ৰান্তীয় জলবায়ু, উষ্ণ (বা গৰম!), সমৃদ্ধ সংস্কৃতি, আকৰ্ষণীয় সাগৰীয় উপকূল, গুহা ,বিস্ময়কৰ খাদ্য , পিন্ধন উৰন , খেতি ,শিল্প আদি , যদিও এইবোৰ দেশৰ ইতিহাস আৰু আধুনিক ৰাজনীতি জটিল, কিন্তু পৰ্যটকৰ বাবে যথেষ্ট সুৰক্ষিত আৰু চাৰিওফালে ভ্ৰমণ কৰিবলৈ সহজ আৰু আটাইতকৈ ডাঙৰ কথাটো হল , ইউৰোপীয় দেশ ভ্ৰমণৰ দৰে ই ব্যয়বহুল নহয় ।
দক্ষিণপূৱ এছিয়াৰ দেশসমুহ আৰু আমাৰ উত্তৰ পুৱ ভাৰতৰ ৰাজ্যসমুহৰ মাজত বহুখিনি মিল বিচাৰি পোৱা যায় ।
পৰ্যটন হৈছে বিশ্বৰ আটাইতকৈ দ্ৰুত বিকশিত উদ্যোগ। চাকৰি, উদ্যোগ, আন্তঃগাঁথনি আৰু ৰাজহ উপাৰ্জন সৃষ্টিৰ যোগেৰে আৰ্থ-সামাজিক বিকাশত পৰ্যটনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
এইখিনি লক্ষ্য ৰাখি তলত উল্লেখ কৰা উদ্দেশ্যবোৰ লৈ Travellurge -ঘুৰি ফুৰিবৰে মন " নামৰ এটা ট্ৰেভেল কম্পেনীৰে আত্মপ্ৰকাশ কৰিবলৈ ওলাইছো । আপোনালোকৰ দিহা পৰামৰ্শ একান্তই কাম্য
উদ্দেশ্যবোৰ হৈছে:
১। উত্তৰ পূৱ ভাৰতলৈ পৰ্যটকৰ প্ৰবাহৰ ধাৰা অধ্যয়ন কৰিবলৈ।
২। উত্তৰ পূৱ ভাৰতৰ ইকো-পৰ্যটনক উন্নীতকৰন কৰা , আগুৱাই নিয়া।
৩। উত্তৰ পূৱ ভাৰতীয়ৰ সংস্কৃতি, ঐতিহ্যক বিশ্ববাসীৰ আগত দাঙি ধৰাৰ প্ৰ্চেষ্টা ।
৪। টুৰ কেম্প, টুৰ পৰিকল্পনা কৰা
৫। দক্ষিণ পূৱ এছিয়া অন্বেষণ কৰিবলৈ ভ্ৰমণৰ সুবিধা কৰি দিয়া ।
৬। অসমৰ কৃষি পৰ্যটনৰ উদগনি দিয়া।
৭। সকলো ধৰণৰ পৰ্যটন খণ্ডৰ বাবে ভ্ৰমণ সুব্যৱস্থা কৰা।
৮। অসমপৰ্যটনৰ সমস্যা আৰু সম্ভাৱনাৰ শক্তি, দুৰ্বলতা, সুযোগ আৰু ভাবুকি ৰ ওপৰত অধ্যয়ন
৯। দুঃসাহসিক পৰ্যটন, ঐতিহ্য পৰ্যটন
১০। বনৰীয়া জীৱন , বন্যপ্ৰানী পৰ্যটন আদিৰ সুবিধা কৰি দিয়া ।
যিকোনো গন্তব্যস্থানলৈ আপোনালোকৰ সৈতে ভ্ৰমণ কৰিবলৈ আৰু আপোনাক পৰিভ্ৰমণ কৰাবলৈ আমি অতি সোনকালে আহি আছোঁ। তলত আপোনালোকক আমাৰ সামাজিক মাধ্যমৰ লিংক দি ৰাখিলো । অতি সোনকালেই আমাৰ আপডেট পাব ।
https://www.youtube.com/channel/UCWvLQEdhywDhaNIxxZie2-A/
http://instagram.com/travellurge