তামুলী-বনগাঁও গ্ৰাম্য পৰ্যটন- TamuleeBongaon Village Tourism

  • Home
  • তামুলী-বনগাঁও গ্ৰাম্য পৰ্যটন- TamuleeBongaon Village Tourism

তামুলী-বনগাঁও গ্ৰাম্য পৰ্যটন- TamuleeBongaon Village Tourism Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from তামুলী-বনগাঁও গ্ৰাম্য পৰ্যটন- TamuleeBongaon Village Tourism, Travel Agency, .
(1)

13/04/2020
29/06/2018

দৃষ্টিনন্দন

24/06/2018

তামুলী-বনগাঁও গ্ৰাম্য পৰ্যটন আৰু উন্নয়ন সংস্থাৰ প্ৰস্তুতি আৰু পৰিকল্পনাৰে অহা নৱেম্বৰ মাহলৈ তামুলী-বনগাঁও পৰ্যটনৰ বাবে সাজু কৰি তোলা হ'ব।
অৰণ্যৰ মাজৰ অপূৰ্ব প্ৰাকৃতিক শোভাৰাশিৰে এই গ্ৰাম্য পৰ্যটনৰ বাবে আগ্ৰহীসকলক যিকোনোধৰণৰ যোগাযোগৰ বাবে ৮৬৩৮৫ ৯১৪০১ আৰু ৯৪০১৮ ৮১৪৯০ যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। তামুলী-বনগাঁৱৰ পৰাই আপোনালোকক শদিয়া, ডিব্ৰু-ছৈখোৱা, মাগুৰি-মতাপুং পক্ষীবিল, দিহিং-পাটকাই, ভূপেন হাজৰিকা সেতু(ধলা-শদিয়া দলং) অৰুণাচলৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰ তথা, ভাণ্টে বাবাৰ মন্দিৰ, টিলিঙা মন্দিৰ ইত্যাদিকে ধৰি পচন্দৰ পৰ্যটন ক্ষেত্ৰ কমখৰচত পৰিদৰ্শন কৰাৰ সুবিধা প্ৰদান কৰা হ'ব।

Further information will be provided.

24/06/2018

তিনিচুকীয়া চহৰৰ পৰা ডিগবৈলৈ যোৱাৰ পথত মাজভাগত টিংৰাই বজাৰৰ পৰা বাওঁফাললৈ চাৰি-পাঁচ কিল'মিটাৰৰ আঁতৰৰ পৰা আৰম্ভ হৈছে লোকচক্ষুৰ আঁতৰৰ তামুলী বনগাঁও।
পথছোৱাৰ আৰম্ভণিৰ পৰা বাটৰ দুয়োকাষে শাৰী শাৰী গছ, তামোলৰ বাৰী, অঁকোৱা-পকোৱা পাহাৰীয়া বাটৰ দৰে বাট… গাঁওখনক সমৃদ্ধ কৰিছে শান্ত-সমাহিত ডিব্ৰু নদীয়ে। অন্যহাতে ফৰেষ্ট ৰিজাৰ্ভৰ অন্তৰ্গত বনাঞ্চলত আছে বিঘাজোৰা এজোপা গছ, ধনেশ পক্ষী, পৰিভ্ৰমী চৰাই, অৰ্কিড, পহু, হাতী আৰু অন্যান্য দুষ্প্ৰাপ্য জীৱ-জন্তু, চৰাই-চিৰিকটি।
প্ৰায় পঁচপন্নটামান কেৱল মৰাণ জনগোষ্ঠীৰ পৰিয়াল বাস কৰা গাঁৱখনক প্ৰাকৃতিক সৌন্দৰ্যই অপৰূপ ৰূপ প্ৰদান কৰিছে।
তামুলী বনগাঁওৰ উদীয়মান কেইজনমান যুৱকৰ সহযোগ, উৎসাহেৰে আমি আৰম্ভ কৰিবলৈ লৈছো তামুলী-বনগাঁও গ্ৰাম্য পৰ্যটন আঁচনি।
এই আঁচনিত সন্নিৱিষ্ট থাকিব এলিফেণ্ট চাফাৰী, বৰশীৰে মাছ ধৰাৰ ব্যৱস্থা, থলুৱা খাদ্যৰ ৰেষ্টুৰেণ্ট, ব'টিং, শিশু উদ্যান, নদীৰ ওপৰত বাঁহৰ দলং। গাঁৱখনৰ প্ৰতিজোপা গছত ওলমি থাকিব স্থানীয় অৰ্কিড, কমলা বাৰী স্থাপন, মৰাণ-মটক জনগোষ্ঠীৰ নিজহাতে বোৱা কাপোৰৰ বিপণী, খৰিচাকে ধৰি অন্যান্য থলুৱা আচাৰৰ লগতে ঔষধজাত শাক-পাচলি উপলব্ধ হ'ব।
ইতিমধ্যে দেৱেশ্বৰ মৰাণক সভাপতি, ৰাজেন মৰাণক কাৰ্যকৰী সভাপতি আৰু বিকাশজ্যোতি শইকীয়াক সম্পাদক হিচাবে লৈ তামুলী-বনগাঁও গ্ৰাম্য পৰ্যটন সংস্থা গঢ়ি তোলা হৈছে। এই সংস্থাৰ উদ্যোগত বছৰটোৰ শেষৰফালে তামুলী-বনগাঁও পৰ্যটন মেলা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব।

24/06/2018

Address


Website

Alerts

Be the first to know and let us send you an email when তামুলী-বনগাঁও গ্ৰাম্য পৰ্যটন- TamuleeBongaon Village Tourism posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Travel Agency?

Share