Tezpur City

Tezpur City This page contains fact and pictures of beautiful city of Assam Tezpur. Tezpur is one of the beautiful city of India as a tourism site.

It has very rich cultural foundation with many sites basically of ancient historical importance. So like this page and know more about this beautiful enchanting city.

08/05/2023
08/05/2023
30/01/2023
16/01/2023
08/11/2022

8 November 2022


|| Today the rare celestial phenomenon of Total Lunar Eclipse occurred ||
Today's Lunar Eclipse is the last Lunar Eclipse of the year 2022. Today's Eclipse turned the Moon into a rare Blood Moon Eclipse. It was a beautiful and spectacular natural view.
Total Lunar Eclipse was visible in many parts of India from 4:23 pm and ended up at 6:19 pm. However the Partial Lunar Eclipse begins at around 2:39 pm and reached the Totality at 3:46 pm which was not seen in India and the Totality lasted up to 5:12 pm and the Partial Eclipse lasted up to 6:19 pm.
Next Such phenomenon will be occur only after a gap of 3 years on 14 March 2025.
Today's Lunar Eclipse is only seen from some places of North India including Assam and Arunachal Pradesh and in other parts of the world it is visible from North /East Europe, Asia, North America, South America, parts of Australia, Pacific Ocean, Atlantic Ocean, Indian Ocean Arctic region,etc,

(Images Captured by: SN Choudhury, Tezpur Sangbad 24 Assam )

18/10/2022

Happy KATI BIHU to All

18/10/2022

(প্ৰেছ বিজ্ঞপ্তি)

সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী সম্পৰ্কত কটু মন্তব্য বৈষ্ণৱ ভকতৰ
______________________
তীৰ্ব ক্ষোভ প্ৰকাশ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ
______________________

তেজপুৰ, ১৮ অক্টোৱৰঃ মাজুলীত দুৰ্গা পূজা অনুস্থিত কৰা-নকৰা বিষয়ৰ বিতৰ্ক চলি থকাৰ মাজতে মাজুলীৰ শ্ৰীশ্ৰীকমলাবাৰী থানৰ এগৰাকী বৈষ্ণৱ ভকতে দেৱদামোদৰীয় ৰাজসত্ৰ মাজুলীৰ শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰৰ গৃহাশ্ৰমী সত্ৰৰ অধিকাৰ জনাৰ্দন দেৱগোস্বামীক পোনপ্ৰথম দেৱীৰ ওচৰত বলি দিব লাগে ধৰণৰ মন্তব্য কৰা বুলি বিভিন্ন বৈদ্যুতিক মাধ্যম আৰু সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘই। কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংঘৰ কেন্দ্ৰীয় সংঘাধিকাৰ প্ৰণৱ কুমাৰ শৰ্মা আৰু সংঘাধিকৰ্তা হৰ্ষবৰ্দ্ধন কাশ্যপে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীকমলাবাৰী থানৰ এগৰাকী বৈষ্ণৱ ভকতৰ মুখৰ পৰা এনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ কৰা কাৰ্য অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি মন্তব্য কৰিছে। দেশৰ সংবিধানে সকলোকে নিজ ইচ্ছা আৰু মত অনুসৰি স্বধৰ্ম পালনৰ বাবে আৰু ধাৰ্মিক জীৱন-যাপন কৰাৰ অধিকাৰ দিছে আৰু মাজুলীৰ জনসাধাৰণক এই অধিকাৰৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে বুলি মন্তব্য কৰি বিষয়ববীয়া দুগৰাকীয়ে সকলো পক্ষকে সংযমেৰে আগবাঢ়িবলৈ আহ্বান জনাই আৰু তেনেকুৱা অপমানজনক বক্তব্যৰ পৰা সকলোকে আঁতৰি থাকিবলৈ অনুৰোধ জনায়। একেটি বিবৃতিতে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘই সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ দুৰ্গাপূজা সম্পৰ্কত কৰা মন্তব্যক পূৰ্ণ সমৰ্থন জনাই আৰু মহাপ্ৰভু দেৱদামোদৰ দেৱৰ একাগ্ৰভক্তিবাদ দৰ্শন তত্বৰে পৰিচালিত সকলো সংস্থা, সত্ৰানুষ্ঠান আৰু ব্যক্তিৰ প্ৰতি সহযোগিতাৰে আগবাঢ়ি যাব বুলিও স্পষ্ট কৰি দিয়ে।

স্বাক্ষৰ/-
প্ৰণৱ কুমাৰ শৰ্মা
সংঘাধিকাৰ
হৰ্ষবৰ্দ্ধন কাশ্যপ
সংঘাধিকৰ্তা
মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘ
১৮/১০/২০২২

07/10/2022

#তেজস্বিতা ৰ মৃত্যুৱে শেষ মৃত্যু হওক!

#মেডিকেল কলেজ আৰু উৰণীয়া সেঁতু নিৰ্মাণে উন্নয়ন নহয়৷

মাজুলীৰ তেজস্বিতা বৰুৱা । এটি প্ৰৱল সম্ভাৱনাময় প্ৰতিভাৰ নাম আছিল কণমানিজনী। চিকিৎসাৰ অভাৱত মাত্ৰ ১৪বছৰ বয়সতে কণমানি শিল্পীগৰাকীয়ে অকাল মৃত্যুক আকোঁৱালি ল’লে৷
শিল্পীগৰাকীৰ মৃত্যুৱে শোকাহত কৰিলে ৰাইজক লগতে ক্ষোভিত হোৱাও দেখা গ’ল৷ এই মৃত্যুৱে মাজুলী তথা অসমৰ এখন নগ্ন জীয়া ছবি দাঙি ধৰিলে৷ চৰকাৰৰ বিৰুদ্ধে এটা শব্দ ক’বলৈ ভয় কৰা ৰাইজৰ যেন ধৈৰ্য্যৰ বান্ধ চিঙিল৷ চৰকাৰ তথা স্বাস্থ্য বিভাগৰ বিৰুদ্ধে মুক্তভাৱে প্ৰকাশ কৰিলে নিজৰ বিষোদগাৰ৷

এই মৃত্যুৰ বাবে দায়ী কোন? চৰকাৰেও ৰাইজৰ ৰোষত পৰাৰ ভয়ত খৰখেদাকৈ চাকৰিৰ পৰা নিলম্বন কৰিলে মাজুলীৰ গড়মূৰ চিকিৎসালয়ৰ অধীক্ষক ডা° অমূল্য গোস্বামীক৷

এতিয়া প্ৰশ্ন হ’ল নিলম্বন অধীক্ষককে কিয়? নৈতিক দায়িত্ব স্বীকাৰ কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই পদত্যাগ কিয় নকৰিলে? অসমৰ স্বাস্থ্যক্ষেত্ৰৰ পঁয়ালগা অৱস্থাৰ বাবে দায়ী অকল অধীক্ষকজন নহয় চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰীজনহে৷

অসমৰ স্বাস্থ্যক্ষেত্ৰত উন্নয়ন হৈছে বুলি যি প্ৰচাৰ চলিছে,সেয়াও এক ভূৱা প্ৰচাৰৰহে অংগ,বাস্তৱ কিন্ত ওলোটা৷
অসমৰ ৰোগীয়ে বহিঃৰাজ্যলৈ চিকিৎসাৰ বাবে যাবলগীয়া হয়৷ কিবা টান নৰিয়াত পৰিলেই পৰিয়ালে ঘৰ-মাটি বিক্ৰী কৰি ৰাইজৰ পৰা সাহায্য বিচাৰিবলগীয়া হয়, এয়াই বাস্তৱ সত্য৷

আজিও অসমৰ স্বাস্থ্যক্ষেত্ৰ বিহাৰৰ দৰে অনুন্নত ৰাজ্যৰ দৰে পঁয়ালগা আৰু আন্তঃগাঁথনিশূন্য।

অসমত একেৰাহে প্ৰায় ১৫বছৰ স্বাস্থ্যমন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ আমি প্ৰশ্ন আচলতে মুখ্যমন্ত্ৰীক কৰিব লাগে,কিয় অসমৰ চৰকাৰী চিকিৎসালয়ত পৰ্যাপ্ত আইচিইউ আৰু বিছনাৰ অভাৱ! আন্তঃগাঁথনি উন্নত কৰাত কিয় ব্যৰ্থ হ’ল ড° হিমন্ত বিশ্ব শৰ্মা৷

অসমত যোৱা কেইটামান বছৰৰ পৰা মেডিকেল কলেজ আৰু হাস্পতাল নিৰ্মাণৰ কাম চলি আছে৷ এই কলেজ চিকিৎসালয়বোৰ নিৰ্মাণত জড়িত হৈ আছে কেইবাটাও বৃহৎ নিৰ্মাণকাৰী সংস্থা৷
যদি মেডিকেল কলেজ আৰু হাস্পতালৰ বিল্ডিংকেইটা আৰু উৰণীয়া সেঁতু নিৰ্মাণ দেখি উন্নয়ন বুলি ভাবিছে তেনেহ’লে ভুল হৈছে৷ অসমত এতিয়াও বহু চৰকাৰী দাতব্য চিকিৎসালয় বা হাস্পতাল আছে য’ত চিকিৎসাৰ কোনো ব্যৱস্থা নাই৷ এই বৃহৎ গৃহবোৰ গৰুৰ গোহালি আৰু অসামাজিক কাম-কাজৰ ঘাটিত পৰিণত হৈছে৷ মফচলীয়া অঞ্চলত থকা বহু চিকিৎসালয়ত চিকিৎসক-নাৰ্ছৰ ব্যৱস্থা নাই৷

মূৰ্খ অশিক্ষিত লোক নহয়,মূৰ্খ আচলতে একাংশ উচ্চ শিক্ষিত আমোলা অভিযন্তাহে৷ মহানগৰীত অবৈজ্ঞানিকভাবে নিৰ্মাণ কৰা হৈছে কেইবাখনো উৰণীয়া সেঁতু আৰু ফুটব্ৰীজ৷ একোখন ফুটব্ৰীজত কেইবাকোটি টকা আৰু উৰণীয়া সেঁতুত শ শ কোটি টকা খৰচ কৰা হৈছে৷ এতিয়া প্ৰশ্ন হ’ল অসম বাদ দিলো, দেশৰ কোনখন মহানগৰত ৭মিটাৰ বহল চিংগল লেণ্ডৰ উৰণীয়া সেঁতু আছে কোনোবাই জনাবনে? মহানগৰীৰ চুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুখন আৰু অলপ বেছি দৈৰ্ঘ্যৰ কৰি ডাউনটাউনৰ ব্ৰীজৰ তলেৰে ডিভাইদাৰৰ ব্যৱস্থা কৰিলে যানজঁট কমিলহেঁতেন৷ ৰুক্মিণীগাঁৱৰ পুলিছ পইন্টত ইউটাৰ্ণৰ ব্যৱস্থা কৰা বাবে চুপাৰমাৰ্কেটৰ যানজঁটখিনি আহি ডাউনটাউন,ছয়মাইল পালে৷ গতিকে এইখন উৰণীয়া সেঁতুৰ পৰা কাৰ লাভ হ’ল৷ কোটি কোটি টকাৰ শৰাধ পাতি অবৈজ্ঞানিকভাবে কিয় নিৰ্মাণ কৰা হ’ল এইখন উৰণীয়া সেঁতু? ফুটব্ৰীজ বনাই কিয় পথবোৰ সংকুচিত কৰা হ’ল?

যদি কমিচন সংগ্ৰহ কৰাটোৱেই উদ্দেশ্য আছিল,বেলেগ আঁচনিৰ নামত টকাবোৰ খাব লাগিছিল৷ ৰাইজক যন্ত্ৰণা দি কিয় এইবোৰ নাটক কৰিব লাগে! এটা কথা নিশ্চিত যে অনাগত পাঁচ বছৰৰ ভিতৰত মহানগৰীত জধেমধে নিৰ্মাণ কৰা ফুটব্ৰীজ আৰু উৰণীয়া সেঁতু ভঙাৰ কাৰণে চৰকাৰে আন এখন নতুন আঁচনি গ্ৰহণ কৰিব লাগিব৷

উৰণীয়া সেঁতু নিৰ্মাণ, হাস্পতাল,মেডিকেল কলেজৰ নিৰ্মাণ মানেই উন্নয়ন নহয়৷ মেডিকেল কলেজে চিকিৎসকৰ অভাৱ কমাব পাৰিব কিন্ত আন্তঃগাঁথনি অবিহনে ৰাইজে উপযুক্ত চিকিৎসা কোনোদিনে লাভ নকৰিব৷

বেমাৰআজাৰ হ’লে মন্ত্ৰী-বিধায়ক,আমোলাই বিদেশত চিকিৎসা কৰাবলৈ যাব, চৰকাৰী বিষয়া-প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে বহিঃৰাজ্যত চিকিৎসা কৰাবলৈ যাব আৰু সাধাৰণ মানুহখিনিয়ে অসমতে চিকিৎসা কৰাব লাগিব৷

আজি অলপ গুৰুতৰ ৰোগ হ’লে কিয় আমি চেন্নাই,দিল্লীলৈ যাবলগীয়া হয়? কিয় অসমৰ চিকিৎসক-হাস্পতালে হাত দাঙি দিয়া ৰোগীজন চেন্নাই,হায়দৰাবাদ,দিল্লী,মুম্বাইত আৰোগ্য লাভ কৰে! এই কথাবোৰ চালি জাৰি চোৱাৰ সময়৷ অসমৰ ব্যক্তিগত নাৰ্ছিংহোমত মন্ত্ৰী ,বিধায়কৰ শ্বেয়াৰ থাকিল বুলিয়েই অসমৰ মানুহখিনিক গিনিপিগ নসজাব৷
অসমৰ হাস্পতাল,মেডিকেল কলেজবোৰৰ আন্তঃগাঁথনি উন্নত কৰক,আৰু যাতে কোনো তেজস্বিতাৰ মৃত্যু নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰক৷
@তফিকউদ্দিন আহমেদ

Address

Binjraj Road
Tezpur
784001

Alerts

Be the first to know and let us send you an email when Tezpur City posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share