04/04/2023
ইফালে অফিচৰ সব ঘৰ গল গে,ৰাতি ৯ :৩০ টা মান বজাত ৰিকিৰ ঘৰৰ দৰ বেলৰ মাত টিং টং ৰিকি মাকে ভাভিছে ইমান ৰাতি কোন আহিলে,দুৱাৰ খোলত জাবেদ ৰ দেউতা, ৰিকিৰ মাকে ৰিকিক মাতিলে, জাবেদৰ দেউতা," ৰিকি আমাৰ বাবা লগত কিবা কথা হৈছে নিকি ফোন নালগে ইমান ৰাতি হল ঘৰত অহা নাই কত গল ঘৰত মাকে পুৰা চিন্তা কৰিছে কি কৰো?" ৰিকি,"মইও বহুত ফোন মাৰিলো অংকল ফোন নালাগে মই ভাবিলো হিহঁত আহি পালে বুলি, ৰব মই লগৰ বোৰক ফোন কৰো কাৰোবাক যদি ফোন কৰিছে," কথাটো কৈয়ে ৰিকিয়ে চবকে ফোন মাৰিলে কিন্তু কাকো হিহঁতে ফোন ফোন কৰা নাই বুলে, এতিয়া ভোলা,উদিপ্ত,গঙ্গা,দুলো,হিৰা, সর্ক সাফিকুল সবে ৰিকিৰ ঘৰত আহিলে,গবিনৰ ঘৰটো এতিয়া মানু্হ জনিয়ে গবিনৰ দাদা হঁতক সৱকে জনালে তাতো হুলুচ তুল হৈছে গবিনৰ দাদাও ৰিকিৰ ঘৰ গল কাৰণ জাবেদৰ দেউতাকে ফোন কৰি মতিলে, ৰিকিৰ ঘৰত সব আছে, জাবেদৰ দেউতা,"আমি পুলিচক এজেহাৰ দি পুলিচক লগত লৈ বিচাৰি যাও, সকলোয়ে হব বুলি কৈ পুলিচ থানা লৈ গল ।থানাত গৈ এজেহাৰ দিউতে পুলিচে কলে," ইমান ৰাতিটো কত বিচাৰি যাব ৰাতিপুৱা ওলাব আজি ৰাতিলৈকে চাই লক কৱাত থাকি যাবও পাৰে ফোন অফ হয় গল চাগে,এতিয়া আপুনালোক ঘৰত জক। " পুলিচৰ কথা শুনি চবে গবিনৰ ঘৰলৈ গল কাৰণ গবিনৰ ঘৰ থানৰ ওচৰত,থানৰ এজন পুলিচ গবিনৰ ভাল লগৰ আছিল তাৰ নাম নোক কেন টোমটেন,গবিনে তাক কেন বুলি মাতিছিল, হি গবিনৰ ঘৰলৈ গল,কেন আৰু গবিন স্কুলৰপৰা একে লগে পঢ়া,কেনে পুলিচৰ চাকৰি পাই আজি ৭ বছৰ পাছত নিজৰ জেগালৈ ট্ৰানস্ফাৰ লৈ আহিছে । কেনে ঘৰত অহা লগে লগে গবিনৰ দাদা হতক কলে,"ৰাতি টো কোনো পুলিচ নাজাই কাৰণ মিচিং কেচ হয় ৰাতিপুৱা পৰা হৈ ইনভেষ্টিগেট কৰিব তাৰ উপৰত সেই জংগল ৰাস্তাত,কোন কাষ্টোমাৰ ঘৰলৈ গৈছিল তাৰ ফোন লগে নিকি তেতিয়া ?" ভোলায়ে কলে," কাষ্টোমাৰ নাম T. wangsa আছিল ফোন নলগা কাৰণে ঘৰত গৈছিল দুই জন আমিও ফোন কৰিছোঁ কাষ্টোমাৰ জনক ফোন লগা নাই" কথাটো শুনি কেনে হুমনিয়া কাৰি বাহিৰত গৈ চিগাৰেট জ্বলাই চিন্তাত মগ্ন হল । কেনে মনত ভাবিছে কিবা বিপতটো হৈছে কাৰণ গবিনে কেতিয়াও ইমান দেৰি নকৰে আৰু দেৰি হব লগা হলিও দিনত এবাৰ সলেও কেনেক ফোন কৰি জনাই ।কিন্তু আজি এবাৰও ফোন কৰা নাই । ইফালে গবিন আৰু জাবেদ জতে ততে খুন্দা খাই পৰি আগ বাঢ়ি আছে কাৰণ দুই জনৰ চকুত কাপোৰ মাৰি দিয়া আছে তাতে আকৌ ঘন জংগল একু দেখি নাপাই,কিন্তু ক'লা কাপোৰ পিন্ধা ৫ জন এনেকে জঙ্গলত খোজকাঢ়িচে যেনেকৈ হিহত সদায় বাটেৰে নিতৌ অহা যোৱা কৰে । প্ৰায় ২ ঘণ্টা মান খোজকাঢ়াৰ পাছত প্ৰকাণ্ড গছ এজোপা তলত গবিন আৰু জাবেদক বহিব কলে আৰু হিহতে চাৰিওফালে চাই তাৰে এজনে কলে," আজি য়াতে থাকিব লাগিব ৰাতিপুৱা ৩ বজাত আকৌ ওলাই যাম," বাকি চাৰি জনে হব বুলি কৈ তাতে টম্বো লগালে আৰু এজনে জুই জলালে তাৰ পাছত তাৰে এজনে গবিনক হুদিলে," অই তহঁতৰ নাম কি ? গবিনে ফেফাই ফেফাই কলে," গবিন আৰু যাৰ নাম জাবেদ।" তেতিয়া জাবেদে কলে," দাদা আপোনা লোকক ৰিকুয়েছ কৰিছোঁ আমাক এৰি দিয়ক আমি সাধাৰণ মানুহ ঘৰত ছবে চিন্তা কৰিব,আমাক জাব দিয়ক" তাৰে এজনে কলে," তহঁতক যাব দিলে নহব না আমি বোৰক তহঁত দেখিছ আমাৰ বচৰ লগ কৰি ল তাৰ পাছত এৰি দিম না " য়াৰ ভাষা টো আকৌ নাগামিছ। সিহঁতৰ এজনে অলপ দূৰত থিয় হয় গবিন হেতক চাই আছিল, অলপ সময় তেনেকৈ চাই ওচৰত আহি দুই জনক কলে, " তহত মোৰ ল'ৰা দৰে, মুৰো এজন ল'ৰা তহতৰ সমানে আছে ছোৱালী এজনীও আছে তাই এবাৰ মেট্ৰিক পৰীক্ষা দিব, আজি লৈকে মই তাইক দেখা নাই জন্ম হওঁতে মই ওলাই অহা,"ইমান কৈ চাগে তাৰ মাত ভাঙি যোৱা নিচিনা হল আৰু আঁতৰি গল,মুঠতে গবিন হতে ভুৱা লাগি অকল চাই থাকিল ।তিনিটা টম্বো লগোৱা পাছত এটা টম্বোত গবিন আৰু জাবেদ হেতৰ লগত নাগামিজ কোৱা ল'ৰা থাকিল । ৰাতি হিতৰ এজন বাহিৰতে চকিদাৰ কৰি আছিল । ঘন ৰাতি চিপ চিপ বৰষুণ জুইও জ্বলো নজ্বলোকে জ্বলি আছে, তম্বোত গবিন আৰু জাবেদতৰ টোপনি নাই কাপোৰ গোটে তিতা ঠাণ্ডা আৰু ভয়ত দুই জন কপি কপি আছিল। সিহঁতৰ লগত থকা নাগামিজ ল'ৰা জনে বটলৰে কিবা খাই আছিল আৰু মাজে মাজে বিৰি জ্বলাই । ঠিক অলপ সময় পাৰ হয় যোৱা পাছত বাহিৰত বহি থকা চকিদাৰ জনে চিঞৰ মাৰিলে...